Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আই পি এল বাতিল হ'লে লোকচান হ'ব পাৰে ১০হাজাৰ কোটি টকা

  নতুন দিল্লীঃ  বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। চীনত ধৰা পৰা কোৰোনা ভাইৰাছ এতিয়া বিশ্বৰ প্ৰায় চৌদিশে বিয়পিছে। কোৰোনা ...

 

নতুন দিল্লীঃ বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে। চীনত ধৰা পৰা কোৰোনা ভাইৰাছ এতিয়া বিশ্বৰ প্ৰায় চৌদিশে বিয়পিছে। কোৰোনা ভাইৰাছৰ প্ৰভাৱ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত পৰিছে। কোৰোনা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে ২৯মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আই পি এল ১৫এপ্ৰিললৈ পিছুৱাই দিছে।

ইয়াৰ পিছতো ১৩সংখ্যাক আই পি এল অনুষ্ঠিত হ'ব নে নাই সেইটো এতিয়াও স্পষ্ট হোৱা নাই। কিয়নো বিচিচিআইয়ে উল্লেখ কৰিছে যে তেওঁলোকে কোনো কাৰণতে ভয়ৰ ভাব লৈ আই পি এল অনুষ্ঠিত কৰিব বিচৰা নাই।

যদি আই পি এল বাতিল হয় তেন্তে বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিচিচিআই আৰু ফ্ৰেনচাইজিঅ'ৰ কমেও ১০হাজাৰ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। যদিও ষ্টেডিয়ামত দৰ্শকৰ উপস্থিতৰ অভিহনে আই পি এলৰ মেচসমূহ অনুষ্ঠিত হয় তেন্তে টিকটৰ পৰা উপাৰ্জন কৰা ধনত বৃহৎ লোকচানে দেখা দিব।

No comments