Page Nav

HIDE

ইটালিত মৃতকৰ সংখ্যা ১১৫৯১ জনলৈ বৃদ্ধিঃ ১৫ এপ্ৰিললৈ লকডাউনত থকা ইটালিৰ বাসিন্দাই বিনা কাৰণত বাহিৰত ওলালে ২,৪৯,০০০ টকাৰ জৰিমনা

  দৈনিক গণঅধিকাৰঃ   চীনৰ ৱুহান চহৰত ধৰা পৰা মাৰাত্মক কোৰোনা ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বত বিয়পি পৰিছে। বিশ্বৰ কেইবাখনো দেশ তথা চহৰত এতিয়া কেৱল শ...

 দৈনিক গণঅধিকাৰঃ  চীনৰ ৱুহান চহৰত ধৰা পৰা মাৰাত্মক কোৰোনা ভাইৰাছ এতিয়া সমগ্ৰ বিশ্বত বিয়পি পৰিছে। বিশ্বৰ কেইবাখনো দেশ তথা চহৰত এতিয়া কেৱল শুনা পোৱা গৈছে মৃত্যুৰ কিৰিলি। আপোনজনক হেৰুৱাৰ বেদনা ম্ৰিয়মান হৈ পৰিছে পৰিয়ালবৰ্গ। বিশ্বৰ এতিয়া প্ৰায়সমূহ দেশত এই ধৰণৰ ঘটনা দৈনন্দিন ঘটিবলৈ আৰম্ভ কৰিছে। যিহেতুকে বিশ্বৰ কেইবাখনো চহৰত এতিয়া মাৰাত্মক কোৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে।

বিশেষকৈ ইটালিত কোৰোনা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। বিশ্বৰ দ্বিতীয় স্থানপ্ৰাপ্ত স্বাস্থ্যখণ্ডৰ দেশ ইটালি এতিয়া মাৰাত্মক কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যাৰ ফলশ্ৰুতিত দেশখনত প্ৰতিদিনে মৃতকৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰিছে। ইটালিত মাৰাত্মক কোৰোনা ভাইৰাছে চলোৱা আতংকৰ সময়ছোৱাত দেশখনক সহায় কৰিবলৈ এতিয়া বিশ্বৰ কেইবাখনো দেশ আগবাঢ়ি আহিছে। ইয়াৰ ভিতৰত আছে চীন, ৰাছিয়া, কিউবাকে ধৰি আন কেইবাখনো দেশ এতিয়া ইটালিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। যিহেতু ইটালিত মাৰাত্মক কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ১১,৫৯১ জনলৈ বৃদ্ধি পাইছে।

আনহাতে দেশখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,০১,৭৩৯ জন। দেশখনত প্ৰতিদিনে কোৰোনাৰ আক্ৰান্তত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এতিয়াও দেশখনত ৩৯৮১জন অধিক সংকটজনক অৱস্থাত আছে। জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে ইটালিৰ ৩৯৮১ জন নাগৰিক। উল্লেখ্য যে ইটালি বৰ্তমান লকডাউনৰ কৱলত আছে। ইটালিত লকডাউন ষষ্ঠ সপ্তাহত প্ৰৱেশ কৰিছে। অহা ১৫এপ্ৰিললৈ ইটালি থাকিব লকডাউনৰ কৱলত।

লকডাউনৰ সময়ছোৱাত কোনো লোক অযথা ৰাজ-পথত বাহিৰলৈ ওলোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ইটালিৰ প্ৰশাসনে। ইমানে নহয় কোনো লোকে নিজৰ কুকুৰটো লৈ ৰাজপথত বেচি সময় ঘূৰি থকাটো নিষিদ্ধ কৰিছে। লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে ইটালিৰ প্ৰশাসনে কঠোৰতা অৱলম্বন কৰিছে। যিসকলে লকডাউন উলংঘা কৰিব তেওঁলোকে ভৰিব লাগিব ২,৪৯,০০০ টকা। উল্লেখ্য যে ইটালিত যিমানসংখ্যক লোকৰ কোৰোনাৰ আক্ৰান্তত মৃত্যু ঘটিছে তাৰ অধিক সংখ্যকৰে বয়স ৭৮ উৰ্দ্ধৰ। বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি জাপানৰ পিছত ইটালিতে অধিকসংখ্যক বৃদ্ধলোকে বসবাস কৰে। সেইবাবে দেশখনত মৃত্যু ঘটা অধিকসংখ্যকৰে বয়স ৭৮উৰ্দ্ধৰ।

ইয়াৰ উপৰি দেশখনত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ কৰাৰ ঘোষণা কৰা হৈছে। লগতে ইটালিৰ প্ৰশাসনে উল্লেখ কৰিছে যে যিসকল লোকৰ দুটা গৃহ আছে সেইসকল লোকে কেৱল মূল ঘৰটোতহে থাকিব তথা যাব পাৰিব। দ্বিতীয়টো ঘৰত যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ইটালি প্ৰশাসনে। উল্লেখ্য যে ইটালিত অধিকসংখ্যক লোক ল’ম্বাৰ্দীত আক্ৰান্ত হৈছে। ইয়াৰ উপৰি দেশখনত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাত মাৰাত্মক ভাইৰাছ বিধৰ পৰীক্ষা ব্যাপক হাৰত কৰিব পৰা নাই ইটালি প্ৰশাসনে। অধিক জটিল ব্যক্তিসকলৰহে কোৰোনা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে। বাকীসকলৰ পৰীক্ষা কৰা হোৱা নাই। যাৰ বাবে দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ উপৰি দেশখনত নাটনিত পৰিছে চিকিৎসা সামগ্ৰী। যাৰ বাবে দেশখনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কোৰোনা ভাইৰাছবিধে।