Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোৰোনা ভাইৰাছৰত ভাৰতত ২৪ জনৰ মৃত্যু, আক্ৰান্ত ৯৩৩

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপত ভাৰতত  এতিয়ালৈ ২৪জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৯৩৩জনলৈ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন ...

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপত ভাৰতত  এতিয়ালৈ ২৪জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আক্ৰান্তৰ সংখ্যা ৯৩৩জনলৈ বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভাৰততো প্ৰতিদিনে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

ভাৰতত আজি দুজন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটাত মৃতকৰ সংখ্যা দেশত ২৪জনলৈ বৃদ্ধি পাইছে। আজি কেৰালাত ক’চ্চি মেডিকেল কলেজত ৬৯ বছৰীয়া এজন ব্যক্তিৰ কোৰোনা আক্ৰান্তত মৃত্যু হয়। আনহাতে গুজৰাটৰ আহমেদাবাদত ৪৬ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু ঘটে মাৰাত্মক কোৰোনা ভাইৰাছৰ আক্ৰান্তত।

উল্লেখ্য যে ৯-১৫ মাৰ্চত কৰ্ণাটক আৰু দিল্লীত দুজন লোকৰ মৃত্যু ঘটিছিল কোৰোনা ভাইৰাছত। আক্ৰান্তৰ সংখ্যা সেই সময়ছোৱাত ভাৰতত আছিল ৭০জন।  আনহাতে ১৬-২২ মাৰ্চৰ ভিতৰত মহাৰাষ্ট্ৰ, পাঞ্জাৱ, বিহাৰ আৰু গুজৰাটত কোৰোনা ভাইৰাছত আক্ৰান্তত ৫জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে ২৩ মাৰ্চত পশ্চিমবংগ আৰু হিমাচল প্ৰদেশত দুজন লোকৰ মৃত্যু ঘটে কোৰোনা ভাইৰাছত। আনহাতে তামিলনাডু, মধ্যপ্ৰদেশ, গুজৰাটত ২৫মাৰ্চত তিনিজন লোকৰ মৃত্যু ঘটে কোৰোনা ভাইৰাছত। আনহাতে জম্মু-কাশ্মীৰ, মহাৰাষ্ট্ৰ, ৰাজস্থান, কৰ্ণাটক আৰু মধ্যপ্ৰদেশত কোৰোনাত আক্ৰান্তত এতিয়ালৈ ৭ জন লোকৰ মৃত্যু ঘটিছে।

২৭ মাৰ্চত মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক মাৰাত্মক কোৰোনা ভাইৰাছত দুজন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আজি অৰ্থাৎ ২৮ মাৰ্চত কেৰালা আৰু গুজৰাটত দুজন লোকৰ মৃত্যু ঘটে। যাৰ বাবে কোৰোনা ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ভাৰতত ২৪জনলৈ বৃদ্ধি পাইছে আৰু আক্ৰান্তৰ সংখ্যা ৯৩৩ জনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ দিন অতিবাহিত হোৱাৰ লগতে মাৰাত্মক কোৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কোৰোনা ভাইৰাছে ভাৰতত তৃতীয় স্তৰত প্ৰৱেশ কৰিছে। যাৰ ফলস্বৰূপে আক্ৰান্তৰ সংখ্যা দৈনন্দিন বৃদ্ধি পাবলৈ ধৰিছে। 

No comments