১৪ এপ্ৰিলত গীনিচ বুক অৱ ৱল্ড ৰেকৰ্ডৰ বাবে সাজু ধেমাজি জিলাৰ চাৰি শতাধিক নাচনী – ঢুলীয়া – পেপুৱা জিলা ভিওিত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন ।
গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ১৪ এপ্ৰিলত অসমৰ বিহুৱে গীনিজ বুকুত স্থান লাভৰ বাবে একেলগে ১১ হাজাৰ বিহুৱতীয়ে বিহু নাচি অভিলেখ গঢ়াৰ উদ্দেশ্যে সাজু হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া-নাচনী পেপুৱা সকল।ইয়াৰ সমান্তৰালকৈ ধেমাজি জিলাখনৰ পৰা এই কাৰ্য্যসুচীত অংশগ্ৰহণ বাবে নিৰ্বাচিত কৰা হৈছে চাৰি শতাধিক নাচনী – ঢুলীয়া আৰু পেপুৱা ৷

ইয়াৰ ভিতৰত আছে ধেমাজি মহকুমাৰ ১৪০ গৰাকী নাচনী আৰু ৬০ গৰাকী ঢুলীয়া – পেপুৱা ৷একেদৰে জোনাই মহকুমাৰ পৰাও ১৪০ গৰাকী নাচনী আৰু ৬০ গৰাকী ঢুলীয়া – পেপুৱা নিৰ্বাচিত কৰা হৈছে ৷ আজি ধেমাজি বাছ টাৰমিনাচত প্ৰায় ৫০০ অংশগ্ৰহণকাৰী মাজৰ পৰা ২০০ গৰাকী নাচনী – ঢুলীয়া আৰু পেপুৱা নিৰ্বাচিত কৰা হয় ৷
ধেমাজিৰ পৰা জ্যোতি ৰঞ্জন গগৈ