হাৰিয়ানাত অনুষ্ঠিত সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱত অসমৰ ১১ টা পদক অৰ্জন

0 116

পঙ্কজ নাথঃ বিগত বছৰ সমূহৰ দৰে এইবেলিও সৰ্বভাৰতীয় পৰ্যায়ত বন ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হৈ যায়। যোৱা ১০ মাৰ্চ শুক্ৰবাৰৰ পৰা কালি ১৪ মাৰ্চ মঙ্গলবাৰলৈ অনুষ্ঠিত হৈছিল এই বৰ্ষৰ বন ক্ৰীড়া মহোৎসৱখনি। হাৰিয়ানাৰ পাঞ্চকুলাত এই বৰ্ষত ২৬ তম সৰ্বভাৰতীয় বন ক্ৰীড়া মহোৎসৱ , ২০২৩ (26th All India Forest Sports Meet, 2023) অনুষ্ঠিত হৈ যায়৷ এই বৃহৎ সৰ্বভাৰতীয় প্ৰতিযোগিতাখনত কেইবাবিধো খেলৰ আয়োজন কৰা হৈছিল। তাৰে ভিতৰত অসমে কেইবাটাও খেলত অংশগ্ৰহণ কৰি ১১ টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰোত্তলন প্ৰতিযোগিতাত অসম বন বিভাগৰ মৰিগাঁও বনাঞ্চলিক বিষয়া ৰবীন কুমাৰ বৈশ্যই দুটাকৈ সোণৰ পদকৰ লগতে শক্তি উত্তোলনত দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বিজয় চেতিয়া পাত্ৰই দিস্কাছ দলিওৱাত সোণৰ পদকৰ লগতে শ্বট পুটত ৰূপৰ পদক লাভ কৰিছে।

ইয়াৰ লগতে ১০০ মিটাৰ দৌৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এচআৰপিএফৰ বেটেলিয়ান আজিজুল হ’কে ব্ৰঞ্জ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ মুস্তাফা আলী আহমেদ আৰু অভিজিত ৰয় চৌধুৰীয়ে দ্বৈত টেবুল টেনিছ খেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইফালে পুৰঞ্জয় শৰ্মাই একক বেডমিণ্টন প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে শংকৰ ৰায় আৰু পুৰঞ্জয় শৰ্মাই দ্বৈতভাবে বেডমিণ্টন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে এম এইচ চৌধুৰীয়ে পাৱাৰ লিফ্টিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। হাৰিয়ানাত হৈ যোৱা এই বন ক্ৰীড়া মহোৎসৱত অসম বন বিভাগৰ তৰফৰ পৰা ৬৩ জনীয়া দল এটাই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সেই দলটো আজি ১৫ মাৰ্চত স্বৰাজ্যলৈ ঘূৰি আহিব।

Leave A Reply

Your email address will not be published.