হাউলীৰ ৯৮ নং হাজীপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত ড্ৰাগছ, শিক্ষা, বাল্য-বিবাহ, নিচামুক্ত সমাজ গঠনৰ ওপৰত সজাগতা সভা সম্পন্ন ।

0 140

বৰপেটা জিলাৰ হাউলীৰ ৯৮ নং হাজীপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত মংগলবাৰে সন্ধিয়া ৬ বজাত পঞ্চায়ত খনৰ সভাপতি ৰিয়াজ উদ্দিন আহমেদৰ পৌৰোহিত্যত ড্ৰাগছ, শিক্ষা, বাল্য-বিবাহ, নিচামুক্ত সমাজ গঠনৰ ওপৰত এখন সজাগতা সভা জয়েন বজাৰ প্ৰাংগনত অনুষ্ঠিত হয় । সভাখনত পশ্চিম হাউলী ড্ৰাগছ বিৰোধী মঞ্চ’ৰ সভাপতি হাছান আলী, সাপ্তাহিক মুজাহিদ কাকতৰ সম্পাদক ছফিকুল ইছলাম,মাজগাওঁ-পটা ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক মাইনুল হক,হালাপাকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত ৰেলৱে বিষয়া ছাহজাহান আলী আহমেদ, হাজীপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্যা আফ্ৰুজা খাতুন,পঞ্চায়ত খনৰ টেক্স কালেক্টৰ লাইলী খন্দকাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহ আলম আদিয়ে উপস্থিত থাকি মুছলমান অধ্যূষিত এলেকাত মদ, জুৱা, ভাং, ড্ৰাগছ, ইউৰো আদি নিচা জাতীয় দ্ৰব্যৰ অবাধ প্ৰচলন বৃদ্ধি হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় সমাজৰ অভিভাৱক, পিতৃ-মাতৃ সকল সচেতন নহ’লে নিজৰ লৰা-ছোৱালী নিচা জাতীয় দ্ৰব্যৰ গ্ৰাসত পৰি ধবংস হৈ যাব বুলি মন্তব্য কৰে। সমাজৰ প্ৰতিজন নাগৰিকেই সচেতন হ’লে মুছলমান এলেকাৰ পৰা ড্ৰাগছ মুক্ত কৰিব পৰা যাব বুলি বক্তা সকলে উল্লেখ কৰে। ইয়াৰ উপৰি বক্তা সকলে বাল্য-বিবাহ সংখ্যালঘু সমাজৰ এক সামাজিক ব্যাধি হিচাপে চিহ্নিত হৈছে পৰিছে বুলি উল্লেখ কৰে । শীঘ্ৰে বাল্য-বিবাহ সমূহ মুছলমান আঞ্চলৰ পৰা কিদৰে মুক্ত কৰিব পৰা যায় ওপৰত বহলাই বক্তব্য আগবঢ়ায়। লগতে শিক্ষাৰ প্ৰতি অধিক মনোযোগ দিবলৈ ৰাইজক আহ্বান জনায় | উক্ত অনুষ্ঠানত জিলা আমছুৰ উপ-সভাপতি মোতালেব আলী, হাউলীৰ বিশিষ্ট সমাজকৰ্মী আব্দুছ ছাত্তাৰ, নৌশাদ ভূঞা, অৱসৰপ্ৰাপ্ত সেনা বিষয়া তাইজুদ্দিন আহমেদ সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে |

Leave A Reply

Your email address will not be published.