হত্য়া কৰা হৈছিল অভিনেতা সতীশ কৌশিকক।
বৃহস্পতিবাৰে ৬৬ বছৰ বয়সত দেহাৱসান ঘটে প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ । অভিনেতাজন আছিল দিল্লীত । সেই সময়ত তেওঁৰ অস্বস্তি অনুভৱ হৈছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। নিয়তিৰ শেষ পৰিহাস । সতীশ কৌশিকে মৃত্যুক আকোৱালি লয় । সতীশ কৌশিকৰ মৃত্যুত সমগ্ৰ চলচ্চিত্ৰ জগত আৰু তেওঁৰ অনুৰাগী মৰ্মাহত হয়। দিল্লীত সেই নিশা সতীশ কৌশিকৰ লগত তেওঁৰ মেনেজাৰ সন্তোষ ৰায়ো আছিল। ই টাইমছক দিয়া সাক্ষাৎকাৰত মেনেজাৰ সন্তোষ ৰায়ে কয় যে , নিশা ৮:৩০ বজাত ৰাতিৰ আহাৰ খাব। ৯ মাৰ্চৰ পুৱা ৮:৫০ বজাৰ ভিতৰত আমি মুম্বাইলৈ উভতি যোৱাৰ কথা আছিল। আমি সোনকালে টোপনি যাও। ৰাতিপুৱাৰ বিমান এখন ধৰিব লাগিব। কিন্তু, প্ৰায় ১২:০৫ বজাত তেওঁ মোৰ নামটো জোৰেৰে মাতি থাকিল। দৌৰি গৈ সুধিলোঁ ছাৰ, কি হ’ল? কিয় চিঞৰিছে ? কিয় মোক ফোনত ফোন কৰা নাছিলে?” তেওঁ ক’লে, “শুনা, মোৰ উশাহ ল’বলৈ অসুবিধা হৈছে। মোক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা।”
, “আমি অলপ আগলৈ ওলাই আহোঁতে তেওঁৰ বুকুৰ বিষ বাঢ়ি গ’ল। তেওঁ কৈয়েই থাকিল, খৰখেদা কৰা হস্পিতাললৈ যোৱা। মোৰ কান্ধত মূৰটো থৈ তেওঁ ক’লে, সন্তোষ, মই মৰিব নিবিচাৰো।” মোক বচাওক। বংশিকাৰ বাবেই জীয়াই থাকিব লাগিব। . দেখাত মই আৰু জীয়াই নাথাকো। শশী আৰু বংশিকাৰ যত্ন লবা।”
ইফালে প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ মৃত্যুৰ চাঞ্চল্যকৰ অভিযোগ! সতীশ অসুস্থ হৈ পৰা ফাৰ্ম হাউচটোৰ মালিক বিকাশ মালুৰ দ্বিতীয় পত্নীৰ অভিযোগ। অভিনেতাগৰাকীৰ মৃত্যুত স্বামীৰ ভূমিকা আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনকি মহিলাগৰাকীয়ে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰে। যাৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এক বিবৃতিত দিল্লী আৰক্ষীয়ে সংবাদ সংস্থা এএনআইক জনোৱা মতে, এগৰাকী মহিলাৰ (বিকাশ মালুৰ পত্নী) অভিযোগৰ ভিত্তিত অভিনেতা সতীশ কৌশিকৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰা হৈছে। দক্ষিণ পশ্চিম জিলাৰ এজন পৰিদৰ্শক পৰ্যায়ৰ বিষয়াই সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। মহিলাগৰাকীক আৰক্ষীয়ে মাতিব বিবৃতি দিবলৈ।
বিকাশ মালুৰ পত্নীয়ে এএনআইক জনাইছে, সতীশজীৰ মৃত্যু সন্দৰ্ভত মই এজাহাৰ দাখিল কৰিছো। তেওঁ গিৰিয়েকৰ ফাৰ্ম হাউচলৈ পাৰ্টিৰ বাবে আহিছিল। য’ত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। ফাৰ্ম হাউচৰ পৰাও কিছুমান আপত্তিজনক বস্তু পোৱা যায়।
ইয়াৰ উপৰিও সতীশ কৌশিক আৰু বিকাশ মালুৰ মাজত ব্যৱসায়িক সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে। টকাক লৈ দুয়োৰে মাজত বিবাদ হ’য়। ২০২২ চনৰ আগষ্ট মাহত দুয়োৰে মাজত কাজিয়া হৈছিল। ইয়াৰ পিছত সতীশজীয়ে ১৫ কোটি টকা স্বামীক দিবলৈ দাবী জনায়। কিন্তু, মোৰ স্বামীয়ে কৈছিল যে তেওঁ সেই টকা ভাৰতত দিব। পিছত মই মোৰ স্বামীক এই বিষয়ে সুধিলে, তেওঁ ক’লে যে তেওঁ সতীশজীৰ পৰা টকা ধাৰলৈ লৈছে। কিন্তু, সেই পৰিমাণৰ ধন হেৰাই গৈছে কভিডৰ সময়ত। স্বামীয়ে টকা ঘূৰাই দিব বিচৰা নাছিল। আনকি তেওঁ কয় যে সতীশে কৌশিকৰ সৈতে এই বিষয়টো নিষ্পত্তি কৰিবলৈ নীলা বড়ি আৰু ৰাছিয়ান মহিলা ব্যৱহাৰ কৰিব। সেইবাবেই মই এই দিশটো আৰক্ষীৰ আগত উত্থাপন কৰিছো। যাতে স্বচ্ছ তদন্ত হয়।