স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা’ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য সামগ্ৰী বিতৰণ।

0 92

স্বেচ্ছাসেৱী সংগঠন মৰ্কাজুল মা’ৰিফৰ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী শিবিৰত থকা উচ্ছেদিত লোকসকলক খাদ্য সামগ্ৰী বিতৰণ। এসময়ত এইসকলে চৰাঞ্চলত উৎপাদন কৰা ফচল অসমখনত যোগান ধৰিছিল কিন্তু আজি এমুঠি খাদ্যৰ বাবে দুপৰীয়াৰ প্ৰখৰ ৰ’দত শাৰী পাতিছেহি উচ্ছেদিতসকলে।

আজি জুৰীয়াৰ চেনিমাৰি, ফুলতলা, মথাউৰি বজাৰ আদিত অস্থায়ী শিবিৰ পাতি বাস কৰা লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদিত লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে হোজাই স্থিত অসমৰ এটি অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন মাৰ্কাজুল মা’ৰিফৰ এটি সজাতি দলে। তেওঁলোকে তেওঁলোকৰ নেতা বদৰুদ্দীন আজমলৰৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদিত লোকসকলৰ মাজলৈ অহা বুলি জানিবলৈ দিয়ে। এই সজাতি দলটোত আছিল মাৰ্কাজুল ম’ৰিফৰ জ্যেষ্ঠ প্ৰজেক্ট বিষয়া তনজিম ফাৰুকী, আৰু আজাদ আলী মাষ্টাৰ। লগতে উপস্থিত আছিল নগাঁও জিলা জমিয়তৰ সাধাৰণ সম্পাদক আব্দুছ ছালাম কাছিমি সভাপতি হাফিজ আতাবুৰ ৰহমান, AIUDFৰ নগাঁও জিলা যোৱ মৰ্চাৰ সা: সম্পাদক ৰুহুল আমিন আৰু AIUDF ৰ কেন্দ্ৰীয় যোৱ মৰ্চাৰ সহ: সম্পাদক মুকলেচুৰ ৰহমান সমাজকৰ্মী আছাদ আলী।

Leave A Reply

Your email address will not be published.