সপোনবোৰ পূৰণ হ’বনে?

0 317

আমি সকলোৱে সপোন দেখোঁ৷ সপোনৰ জগতত আমি সকলোৱে উটি-ভাঁহি ফুৰো৷ সেই সপোন কিন্ত্‌ত ৰাতি দেখা সপোনটো নহয়৷ সেই সপোন আমি জীৱনত ঠিক কৰা লক্ষ্য বা উদ্দেশ্যবোৰ৷ সপোন অবিহনে আমাৰ জীৱন অসাৰ্থক আৰু অনৰ্থক৷ আচলতে সপোন দেখাটো কোনো দোষ নহয়৷ সেয়ে সকলোৱে সুন্দৰ সুন্দৰ সপোন দেখিব লাগে৷
সপোন দেখিলেহে আমি আগবাঢ়ি যাব পাৰিম৷ সপোনৰ বোকোচাত উটিহে আমি জীৱন যুদ্ধত নামিব পাৰিম৷ আমি নিজে সপোন বিভোৰ মানুহ৷ সপোন দেখি আৰু সপোন চাই ভাল লাগে৷ আমি সকলো মানুহে সপোনৰ মায়া জালত আৱদ্ধ হৈ থাকোঁ৷ পৃথিৱীৰ সকলো মানুহে নিজকে সফলতাৰ চিৰিত বগাব খোজে৷ গতিকে সপোন ৰচনা কৰিবই লাগিব৷
সপোনবোৰ দোলা দি থাকে আমাৰ মানসপটত৷ সেই সপোনবোৰ সাকাৰ ৰূপ দিবলৈ আমি নিজে কষ্ট স্বীকাৰ কৰি যাব লাগিব৷ আচলতে নিজা প্ৰচেষ্টা আৰু সাধনা অবিহনে আমাৰ সপোনবোৰ পূৰণ কৰাটো এক অৰ্থহীন বিষয় হৈ পৰিব৷ বহু কষ্ট, ত্যাগ, কঠোৰ পৰিশ্ৰম, অধ্যাৱসায় আদিৰ বিনিময়তেহে সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হ’ব পাৰে৷
সপোনবোৰ সদায় ইতিবাচক আৰু ধনাত্মক হ’লে ভাল৷ তেনে সপোনে আমাক কল্যাণ সাধন কৰিব পাৰিব৷ সমাজ আৰু জগতৰ যদি ঊধবৰ্মুখী হোৱাৰ পৰিসৰ ৰাখে তেন্তে নি(য় আমাৰ সপোনবোৰো ইতিবাচক হ’ব লাগিব৷ যদি সপোনবোৰ নেতিবাচক আৰু ধবংসাত্মক প্ৰকৃতিৰ হয় তেন্তে আমাৰ জীৱনবোৰ বিপদমুখী হ’ব পাৰে৷ এনে সপোনে কাৰোৰে বাবে কল্যাণমুখী নহয়৷ সমাজ বা দেশ এখন নিম্নমুখী যাত্ৰা আৰু পতন হোৱাৰ মূল কাৰণবোৰো নিৰ্ভৰ কৰে দেশখনৰ জনসাধাৰণৰ ওপৰত৷
সপোনবোৰ সদায় বাস্তৱমুখী হ’ব লাগে৷ বেছি কল্পনাবিমুখ হ’লেও পিছত পূৰণ কৰিব নোৱাৰিলে আমাৰ মন-মানসিকতাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ বেছি কল্পনাবিমুখী মানুহে নিজৰ বাস্তৱ জগতত সপোনবোৰ পূৰণ কৰিব নোৱাৰাৰ বাবে ভাৰসাম্যহীন পৰিৱেশৰ সম্মুখীন হোৱা দেখা যায়৷ গতিকে সপোনবোৰ কল্পনামুখী হ’লেও বাস্তৱৰ পৰা সম্পূৰ্ণৰূপে আঁতৰত হ’ব নালাগে৷ আকাশত চাং পতা বুলি অসমীয়াত এষাৰ কথা আছেই৷
সপোন ৰচা মানুহে সৃষ্টি কৰিব জানে৷ সপোন ৰচা মানুহে সফলতাৰ চিৰি বগাব পাৰে৷ সপোন ৰচা মানুহে নিজকে জ্ঞান-বিজ্ঞান জ্যোতিৰে আলোকিত কৰিব পাৰে৷ গতিকে আমি নিজকে সপোন ৰচিবলৈ, সপোন চাবলৈ শিকিবই লাগিব৷ আমি সৰু কালৰেপৰাই ল’ৰা-ছোৱালীসমূহক সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব লাগিব৷ সেই সপোনবোৰে তেওঁলোকক উৎসাহিত কৰি তুলিব৷ ভাল মানুহ হোৱাৰ সপোন, আগবাঢ়ি যোৱাৰ সপোন, সু-নাগৰিক হোৱাৰ সপোন, আত্মনিৰ্ভৰশীল হোৱাৰ সপোন, সৎ আৰু প্ৰমূল্যবোধসম্পন্ন মানৱ হোৱাৰ সপোন ৰচিবলৈ সকলোকে আগ্ৰহী কৰি তুলিব লাগিব৷

Leave A Reply

Your email address will not be published.