শিৱসাগৰৰ ষ্টেচন চাৰিআলিত পুৱতি নিশা বাহনৰ চালান তালাচীৰ নামত বন বিভাগৰ মাহেলি কমিচনৰ দাবী ।
ডাম্পাৰ চালকৰ মোবাইল কাঢ়ি লোৱাক লৈ চাঞ্চল্য, কমিচন সংগ্ৰহ কৰা বন বিভাগৰ কোন এই গৰাকী বিশেষ ব্যক্তিৰ নাম লৈছে শিলৰ ব্যৱসায়ীয়ে । বৈধ বাহনত পুৱতি নিশাৰ পৰাই ৰাজপথত কৰৰ নামত সন্ত্ৰাস চলাইছে নেকি বন বিভাগে ? অত্যাধিক মাছুল, পৰিবহন বিভাগৰ জৰিমনা আদিত ভাৰাক্ৰান্ত জনসাধাৰণ । শিৱসাগৰৰ ষ্টেচন চাৰিআলিত বিহুবৰৰ পৰা নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপলৈ শিল সৰবৰাহ কৰা AS 04 AC 9570 নম্বৰৰ এখন শিলৰ ডাম্পাৰ চালকক পুৱতি নিশা ৰাপথত চালান তালাচীৰ নামত জিলা বন বিভাগৰ লোকে হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে ।
মালিকপক্ষৰ অভিযোগ অনুসৰি বন বিভাগৰ লোকে বৈধ শিলৰ ডাম্পাৰত চালান তালাচীৰ নামত চালানৰ পৰিৱৰ্তে ডাম্পাৰৰ চালকৰ হাতৰ পৰা মোবাইল ফোন কাঢ়িলৈ মাহেলি কমিচনৰ ধন দাবী কৰে । মাহেলি কমিচনৰ ধন নিদিয়াত জৰিমনা বিহাৰ অভিযোগ তুলিছে মালিকপক্ষই । আনহাতে মালিকপক্ষই সবিশেষ জানিব পাৰি ঘটনাস্হলীত উপস্হিত হৈ ৰাজপথৰ সমগ্ৰ দৃশ্য ভিডিঅ’ কৰি ৰাখিবলৈ সক্ষম হয় । লগতে বন বিভাগৰ বিৰুদ্ধে মাহেলি কমিচন দি থকা শিল, বালি আদিকে ধৰি মাল কঢ়িওৱা অন্যান্য বাহন সমূহ এৰি অহাৰ অভিযুগ আনিছে আনচাৰোল শ্বাহ আলম হক নামৰ বিহুবৰৰ শিলৰ ব্যৱসায়ীদ্বয়ে । বাহনখনৰ যান্ত্ৰিক বিজুতি ঘটাত গেৰেজত মেৰামতি কৰাৰ নথিপত্ৰ, বৈধ চালান আদি জিলা বন বিভাগৰ কাৰ্যালয়ত জমা কৰাৰ পাছতো তেওঁলোকক ৬০,০০০ টকা জৰিমনা বিহে । চৰকাৰী ক্ষমতাৰ অপ-ব্যৱহাৰ কৰিছে নেকি জিলা বন বিভাগে । শিৱসাগৰৰ বন বিভাগৰ কাৰ্যালয়ত মাহেলি কমিচন সংগ্ৰহ কৰা কোন এই গৰাকী বিশেষ ব্যক্তিৰ নাম লৈছে শিলৰ ব্যৱসায়ীয়ে । বন বিভাগক যদি মাহেলি কমিচন লাগে তেন্তে চৰকাৰ তথা বন মন্ত্ৰীয়ে চালান ব্যৱস্থাটো বন্ধ কৰাৰ আহব্বান জনাইছে শিলৰ ব্যৱসায়ীয়ে ।