শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পদত্যাগৰ দাবীত যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

0 92

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিত, শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু চেবাৰ অধ্যক্ষ ৰমেশ চৈন্দ জৈনৰ পদত্যাগৰ দাবীত যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱাত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চৈন্দ জৈনৰ পদত্যাগৰ দাবীত আজি যোৰহাটৰ মিঠাপুখুৰী ৰোডত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে । সংগঠনটোৰ বহু সদস্যই শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চৈন্দ জৈনৰ পুত্তলিকা দাহ কৰে । শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ বিৰুদ্ধে কটু মন্তব্য কৰে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী সদস্যসকলে। এই প্ৰতিবাদী কাৰ্য্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱ শইকীয়া , সাধাৰণ সম্পাদক বাবু দত্তৰ লগতে বহু সদস্যই অংশগ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.