লাহৰীঘাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত, পুনৰ নিষিদ্ধ ড্ৰাগছসহ এজনক আটক
গণবাৰ্তা,ভূৰাগাঁও,১৬ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে ড্ৰাগছ, জুৱা,তীৰ,অবৈধ সুৰা,গাঁজা,নিচাযুক্ত বিভিন্ন মাদকদ্ৰব্যৰ লগতে সমাজত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে চলাই গৈছে ধাৰাবাহিক অভিযান।আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক হৈছে এজনৰ পিছত আন এজনকৈ ড্ৰাগছ সৰবৰাহকাৰী।তেনে সময়তেই লাহৰীঘাট আৰক্ষীয়ে অব্যাহত ৰখা ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছসহ আজি এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আজি ১.৩০ মান বজাত লাহৰীঘাট আৰক্ষীৰ এটি অভিযানকাৰী দলে গোপনসূত্ৰৰ পমখেদিৰ কাঠনিৰ পৰা আজাহাৰুল ইছলাম নামৰ সৰবৰাহকাৰীটোক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ড্ৰাগছ ভৰ্তি ৪ টা কণ্টেইনা জব্দ কৰে।বৰ্তমান আটকাধীন ধৃত ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে লাহৰীঘাট আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।