লাহৰীঘাটত কাৰ আৰ্শীবাদত চলে অবৈধ কাঠৰ ব্যৱসায় ।অবৈধ কাঠ ব্যৱসায়ীৰ লগত বন বিভাগৰ মিতিৰালিৰ অভিযোগ ।
লাহৰীঘাটত কাৰ আৰ্শীবাদত চলে অবৈধ কাঠৰ ব্যৱসায় । অবৈধ কাঠ ব্যৱসায়ীৰ লগত বন বিভাগৰ মিতিৰালিৰ অভিযোগ ।
মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰত দীৰ্ঘ দিন ধৰি একাংশ অসাধু চক্ৰই নথিপত্ৰ বিহীন ভাৱে চলাই গৈছে কাঠৰ ৰমৰমীয়া ব্যৱসায়। লাহৰীঘাট বজাৰতে ১৫ ৰ পৰা ২০ খনকৈ এনে অবৈধ কাঠৰ দোকান। বন বিভাগে মাজে মাজে এই অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে অভিযান চলায় যদিও পুনৰ দুই এদিনতে সকলো ঠিক হৈ যায়। যোৱা দহদিনমান আগতে নগাঁও বন বিভাগে অবৈধ কাঠ দোকানৰ বিৰুদ্ধে অভিযান চলাই মাত্ৰ ৪ খন দোকান চীল কৰাৰ লগতে কিছু পৰিমাণৰ কাঠ জব্দ কৰি লৈ গৈছিল। বন বিভাগে জব্দ কৰি যোৱা দোকান সমূহ মাত্ৰ এদিন পিছৰে পৰা নিয়মিত ভাবে চলি আছে আগৰদৰেই । এতিয়া প্ৰশ্ন হয় কাৰ আৰ্শীবাদত লাহৰীঘাটত অবৈধ কাঠ ৰমৰমীয়া ব্যৱসায়ী। বন বিভাগ আৰু অবৈধ কাঠ ব্যৱসায়ীৰ মাজত কিহৰ ইমান মিতিৰালি ? বন বিভাগৰ প্ৰতি আস্থা হেৰুৱাই বন মন্ত্ৰীৰ হস্তক্ষেপত অবৈধ কাঠ ব্যৱসায়ী সকলৰ বিৰুদ্ধে উচিৎ তদন্তৰ দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে লাহৰীঘাট আঞ্চলিক আমছুয়ে।