যোৰহাটৰ হাতীগড় সেউজ নগৰত ভদ্ৰেশ্বৰ শইকীয়া-ফাইজুদ্দিন আহমেদ স্মৃতি সম্প্ৰীতি পথ পুথিভঁৰালৰ শুভাৰম্ভ ।

0 119

যোৰহাটৰ হাতীগড় দেৱালয়ৰ সমীপৰ সেউজ নগৰত বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী হেমেন কুমাৰ শইকীয়া আৰু পত্নী অধ্যক্ষা মেৰিণা বেগমে তেওঁলোকৰ পিতৃৰ স্মৃতিত “ভদ্ৰেশ্বৰ শইকীয়া-ফাইজুদ্দিন আহমেদ স্মৃতি সম্প্রীতি পুথিভঁৰাল”টো নিজা বাসগৃহৰ ওপৰ মহলাত প্ৰতিষ্ঠা কৰিছে। সেই পুথিভঁৰালটোৰ গ্ৰন্থ, কাকত, আলোচনী আদি অধ্যয়নৰ সুবিধাৰ্থে পথ পুথিভঁৰালৰ পৰিকল্পনাৰে পদূলিমুখত শুভাৰম্ভ কৰা হয়। ফিতা কাটি শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল দত্ত আৰু সাংবাদিক ৰমেন শইকীয়াই।

বাহনাৰ স্বেচ্ছাসেৱী সংগঠন “সেৱা”ৰ তৰফৰ পৰা নৱজ্যোতি বৰুৱাক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, সেৱাৰ প্ৰতীক চিহ্ন প্ৰদানেৰে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত ডাক্তৰ বলীন খাৰঘৰীয়া, ধীৰেন্দ্ৰ কুমাৰ গগৈ, ৰাজীৱ কুমাৰ নাজিৰ,সাংবাদিক পংকজ কুমাৰ দাস, শ্ৰীমন্ত মাধৱ বৰুৱা,ৰূপকৰঞ্জন দত্ত,দিগন্ত দাসৰ লগতে স্থানীয় ভালেকেইগৰাকী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে।

বৰ্তমান সময়ত গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা, গ্ৰন্থ সংৰক্ষণ, পুথিভঁৰাল প্ৰতিষ্ঠাৰ ইতিহাস, চৰকাৰী ব্যৱস্থাৰে পুথিভঁৰাল প্ৰতিষ্ঠা, ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত পুথিভঁৰালৰ অৱস্থাৰ লগতে পথ পুথিভঁৰালৰ ইতিহাস সম্পৰ্কে বহুকেইজনে বক্তব্য ৰখা অনুষ্ঠানত উদ্যোক্তা হেমেন কুমাৰ শইকীয়াই পুথিভঁৰালটো প্ৰতিষ্ঠাৰ কাৰণ ব্যাখ্যা কৰাৰ লগতে মেৰিণা বেগমে পুথিভঁৰালটো সক্ৰিয় কৰি ৰখাত ৰাইজৰ সহযোগিতা কামনা কৰে। উল্লেখ্য যে পথ পুথিভঁৰাল ৰাজ্যত এইটোৱেই প্ৰথম বুলি ভালেকেইজনে বক্তব্যত উল্লেখ কৰে।

পশ্চিম যোৰহাটৰ পৰা পংকজ কুমাৰ দাসৰ ৰিপ’ৰ্ট ।

Leave A Reply

Your email address will not be published.