মৈৰাবাৰীৰ উৰলকাটাৰ এটা ৰাস্তাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ঙ্কৰ মাৰপিট।
আজি মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ উৰলকাটাৰ গাঁৱলীয়া ৰাস্তা এটাক কেন্দ্ৰকৰি এক ভয়ংকৰ সংঘাতৰ সৃষ্টি হয় । আজি ৰাতিপুৱা অহাব আলী নামৰ এজন ব্যক্তিয়ে ৰাস্তাত ঘাত খান্দি থকা অৱস্থাত জবান আলী আহি ৰাস্তাত ঘাত খন্দা কাৰ্যক বাধা দিয়ে কিয়নো এই সমগ্ৰ উৰলকাটা গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ ৰাস্তা। ৰাস্তাত গাত খন্দাত বাধা দিয়াত প্ৰথমে তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু তাৰ পিছতেই অহাব বাহিনীয়ে হাতে হতে দা-লাঠি, শিলগুটি,ইটাৰে গুৰুলা-গুৰুলকৈ মৰিয়াই মৰিয়াই জবান আলীৰ মূৰত লাখটিৰে আঘাত কৰাৰ লগতে আৰু কেইবাগৰাকীও আহত হয়।
সংকটজনক অৱস্থাত জবান আলীক মৈৰাবাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভোক্তভূগি জবান আলীয়ে মৈৰাবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। এতিয়া প্ৰশ্ন হয় মৈৰাবাৰী আৰক্ষীয়ে পৰবৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।