মুকালমুৱাৰ বেলবেলিত বাল্য বিৱাহৰ বিৰুদ্ধে সজাগতা সভা।

0 790

বাল্য বিৱাহ বন্ধ কৰিবলৈ কঠোৰ আমছু নেত্ৰী হাছিনা আহমেদ। মুকালমুৱাৰ বেলবেলিত বাল্য বিৱাহৰ বিৰুদ্ধে এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় । হিউমেনিটি কনচাৰ্টৰ উদ্যোগত নৰ্থ ইষ্ট ল-ফৰ্মৰ সহযোগত অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা।


বাল্য বিৱাহ, ড্ৰাগছ, শিক্ষা, মহিলাৰ অধিকাৰৰ ওপৰত বেলবেলি চৰত অনুষ্ঠিত কৰা হয় সজাগতা সভা । সজাগতা সভাখনত বাল্য বিৱাহ বন্ধ কৰিবলৈ ৰাইজক আহ্বান জনায় অধিবক্তা তথা আমছু নেত্ৰী হাছিনা আহমেদে। সভাত অঞ্চলটোৰ ৰাইজক ড্ৰাগছ মুক্ত আৰু শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় N.G.O টোৱে।
সভাত উপস্থিত থাকে অধিবক্তা তথা আমছু নেত্ৰী হাছিনা আহমেদ, শিক্ষক আক্ৰাম হুছেইনৰ লগতে স্হানীয় ৰাইজ ।

Leave A Reply

Your email address will not be published.