মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অব্যাহত আছে ভাৰতীয় বক্সাৰৰ আধিপত্য
ডিজিটেল ডেস্কঃ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ মহিলাৰ সংস্কৰণত প্ৰথম দিনাই উজলি উঠিল ভাৰত । চাৰিখনকৈ খেলত চাৰি গৰাকী ভাৰতীয় বক্সাৰে ব্যতিব্যস্ত কৰি তুলিলে প্ৰতিপক্ষক। ৫০ কেজিৰ শাখাত ভাৰতৰ বক্সিং জগতৰ নতুন তাৰকা নিখাট জাৰীনে আজাৰবাইজানৰ আনাখানিম ইছমাইল’ভাক পৰাস্ত কৰে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ।উল্লেখ্য যে, এইয়া আছিল নিখাট জাৰীনৰ প্ৰথম খন খেল।
ইয়াৰোপৰি ৫২ কেজিৰ শাখাত সাক্ষী চৌধুৰীয়ে মাৰিয়া মাৰ্টিনেজক, ৮১ কেজিৰ শাখাত নুপুৰ শ্বেওৰানে আবিঅ’লা জেকমেন আৰু ৫৪ কেজিৰ শাখাত প্ৰীতিয়ে হানা লাকোটাৰক পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।