ভাল খৱৰ ! ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট মতে ১০-২০ মে’ৰ ভিতৰত ৪০,০০০ক দিয়া হ’ব নিযুক্তি৷

0 84

আজি ৰাজ্যৰ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট । এই বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰশংসাৰে ওপচাই পেলায় বিত্তমন্ত্ৰী গৰাকীয়ে । অজন্তা নেওগেৰ ভাষ্য অনুসৰি ৰাজ্যত বৃদ্ধি পাইছে জনমূৰি আয় । বৰ্তমান ৰাজ্যৰ জমা আৰু ঋণৰ অনুপাত ৫৭.৫ শতাংশলৈ বৃদ্ধি হোৱা বুলিও উল্লেখ কৰে ।


সদনত দাখিল ২০২৩-২৪ বৰ্ষৰ বাজেট। নৱম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্তক প্ৰদান কৰা হ’ব TABLET
ডিগ্রী, চিকিৎসা বিজ্ঞান আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ প্ৰতিমাহে ২,০০০ টকালৈকে হোষ্টেল মাচুল ৰেহাই দিয়া হ’ব৷
১০লাখ মাইক্ৰ’ফাইনেন্স ঋণ লোৱা ব্যক্তিক ১,৭৮৯কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে৷
চৰাইদেউ আৰু বিশ্বনাথত হ’ব দুখনকৈ চিকিৎসা মহাবিদ্যালয় । যুৱ প্ৰজন্মক ১লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি৷ শীঘ্ৰে ৪০হাজাৰ নিযুক্তি দিয়া হ’ব৷ ইতিমধ্যে ৪২,০০০গৰাকী প্ৰাৰ্থীৰ নিযুক্তি সম্পূৰ্ণ হৈ গৈছে৷ ১০-২০ মে’ৰ ভিতৰত ৪০,০০০ক নিযুক্তি দিয়া হ’ব৷ ইয়াৰ পাছত ১৮,০০০ পদৰ বাবে নিযুক্তি দিয়া হ’ব বুলি উল্লেখ আছে বাজেটত৷

Leave A Reply

Your email address will not be published.