বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ সংবাদ মেল
বঙাইগাঁও শোধনাগাৰৰ বিভিন্ন প্ৰকল্পৰ কামত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে স্থানীয় নিবনুৱাক নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ নিদিয়াৰ অভিযোগ
বঙাইগাঁওঃ১৬ ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ঢালিগাঁওস্থিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ অধীনৰ বঙাইগাঁও শোধনাগাৰত ( বিজিআৰ) বিভিন্ন প্ৰকল্পৰ কামত জড়িত বহিঃ ৰাজ্যৰ পৰা অহা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে স্থানীয় নিবনুৱা যুৱক- যুৱতীসকলক কাম – কাজত নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ সলনি তেওঁলোকক বঞ্চিত কৰি বহিঃ ৰাজ্যৰ পৰা অনা শ্ৰমিকসকলৰ দ্বাৰাই কাম- কাজসমূহ কৰি অহা বুলি বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাই অভিযোগ উত্থাপন কৰিছে৷ এইক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষক বিষয়টো গুৰুত্বসহকাৰে লৈ স্থানীয় নিবনুৱা যুৱক – যুৱতীসকলক ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰূপায়ণ কৰি থকা কাম- কাজসমূহত নিয়োগৰ দাবী জনায় যদিও বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো পৰিলক্ষিত হোৱা নাই বুলিও বুধবাৰে এক সংবাদ মেলত বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ নেতৃত্বই সদৰি কৰে৷ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত সন্থাৰ সভাপতি পুলক চন্দ্ৰ বসুমতাৰীয়ে কয় যে সন্থাৰ তৰফৰ পৰা বঙাইগাঁও শোধনাগাৰৰ চাৰিওফালৰ দহ কিলোমিটাৰ ব্যস্যাৰ্ধৰ এলেকাৰ বিভিন্ন সমস্যাসমূহ উল্লেখ কৰি সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি সেই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ সৈতে বহি আলোচনাৰ জৰিয়তে সমাধানৰ প্ৰচেষ্টা চলোৱা হৈছিল৷ স্মাৰক পত্ৰত স্থানীয় নিবনুৱা যুৱক – যুৱতীসকলক কাম – কাজত নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ দাবী জনোৱাৰ লগতে সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা শোধনাগাৰৰ আশে- পাশে থকা অঞ্চলৰ স্থানীয় উন্নয়ন, শোধনাগাৰৰ আশে-পাশে থকা অঞ্চলৰ উপযুক্ত পানী যোগান আৰু বিদ্যুৎ ব্যৱস্থাৰ অভাৱ দূৰ কৰা, স্থানীয় শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এপ্ৰেণ্টিছশ্বিপত সংৰক্ষণ আদি বিষয়সমূহ উত্থাপন কৰি প্ৰকৃত কাৰণ জানিব বিচৰাৰ লগতে সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছিল৷ কিন্তু শোধনাগাৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত সন্থালৈ প্ৰেৰণ কৰা লিখিত উত্তৰকলৈ সন্তুষ্ট নহয় সন্থাৰ নেতৃত্ব৷ উল্লেখ্য যে শোধনাগাৰ কৰ্তৃপক্ষই দিয়া উত্তৰত ঠিকাদাৰৰ দ্বাৰা ঠিকাভিত্তিক শ্ৰমিকক নিয়োগ কৰাটো সম্পূৰ্ণৰূপে ঠিকাদাৰৰ দায়িত্বত থাকে আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ সকলো শোধনাগাৰত কৰা ধৰণে ই টেণ্ডাৰৰ স্বচ্ছ প্ৰক্ৰিয়াৰ জৰিয়তে ঠিকাদাৰৰ অধীনত চাকৰি প্ৰদান কৰা হয় বুলি উল্লেখ কৰিছে৷ লগতে বঙাইগাঁও শোধনাগাৰত কাম কৰা ঠিকাভিত্তিক শ্ৰমিকৰ অধিকাংশই স্থানীয় অঞ্চলৰ বুলিও উল্লেখ কৰিছে৷ অৱশ্যে নিৰ্দিষ্ট বিশেষ চাকৰিৰ বাবে উপযুক্ত অভিজ্ঞ শ্ৰমিকৰ অভাৱৰ বাবে ঠিকাদাৰসকলে অন্য ঠাইৰ পৰা ঠিকাদাৰী শ্ৰমিক নিয়োগ কৰিব লাগিব বুলিও শোধনাগাৰ কৰ্তৃপক্ষই চিঠিত উল্লেখ কৰিছে৷ কিন্তু সন্থাৰ নেতৃত্বই কয় যে বাহিৰৰ পৰা যিসমূহ বৃহৎ প্ৰতিষ্ঠান আহি শোধনাগাৰৰ বিভিন্ন প্ৰকল্পৰ কাম কৰি আছে সেই কাম কাজত আমি স্থানীয় নিবনুৱা যুৱকক নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া দেখা পোৱা নাই৷ বৰং প্ৰতিষ্ঠানসমূহে ৯০ শতাংশ লৈকে বাহিৰৰ পৰাই শ্ৰমিক আনি কাম কাজত জড়িত কৰি আহিছে৷ কেৱল দহ শতাংশতকৈয়ো কম সংখ্যক স্থানীয় নিবনুৱাকহে সংস্থাপন দিছে৷ এইটো ন্যায় নেকি? এনে সমস্যাসমূহ সমাধান হ’ব নেলাগে নেকি? সন্থাই এনেবোৰ সমস্যা সমাধানৰ বাবেই মাত মাতি আছে বুলিও কয়৷ আনহাতে বিজিআৰৰ আশে-পাশে থকা অঞ্চলৰ স্থানীয় উন্নয়নৰ বাবে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত পদক্ষেপ গ্ৰহণৰ অভাৱ বুলি সন্থাৰ সভাপতিগৰাকীয়ে অভিযোগ কৰি কয় যে বঙাইগাঁও শোধনাগাৰ প্ৰতিষ্ঠা হোৱাৰে পৰা আজিলৈকে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে প্ৰদূষিত বায়ুয়েই হওক বা প্ৰদূষিত পানীয়েই হওক খাই আছে যদিও অঞ্চলবাসীৰ কিন্তু সমস্যাসমূহ সমাধান নহ’ল৷ ভাৰত চৰকাৰে হাজাৰ হাজাৰ কোটি টকা লাভ লৈ গৈ আছে৷ অথচ কিন্তু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চচৰ উন্নয়ন নহ’ল৷ শোধনাগাৰ থকা উজনি অসমতে যাওক বা গুজৰাট, পশ্চিমবংগ আদিতে যাওক দেখিব যে তাৰ দাঁতিকাষৰীয়া অঞ্চলসমূৰ কেনে উন্নয়ন হৈছে৷ আমাৰ ইয়াত সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰ নগণ্য ধন খৰচ কৰি বাকী ধন বাহিৰত খৰচ কৰি আছে৷ সেয়ে সামাজিক দায়বদ্ধতা আঁচনিখন সঠিকভাৱে কাৰ্যকৰীকৰণৰ বাবে সন্থাৰ নেতৃত্বই দাবী জনায়৷ শোধনাগাৰ কৰ্তৃপক্ষই আশে-পাশে থকা অঞ্চলৰ স্থানীয় উন্নয়নৰ বাবে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত স্থানীয় যুৱক – যুৱতীক বিভিন্ন দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিদ্যালয়লৈ বিভিন্ন সামগ্ৰী বিতৰণ কৰা বুলি সন্থালৈ প্ৰেৰণ কৰা চিঠিত উল্লেখ কৰিছে যদিও সন্থাৰ সভাপতিগৰাকীয়ে কয় যে তেওঁলোকে প্ৰশিক্ষণলৈ পঠোৱা কেইজনে চাকৰি পাইছে আমি দেখা নাই৷ আনহাতে শোধনাগাৰৰ আশে -পাশে থকা অঞ্চলত উপযুক্ত খোৱাপানী যোগান আৰু বিদ্যুতৰ অভাৱ সন্দৰ্ভত সন্থাই কৰা অভিযোগ সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষই খোৱাপানী আৰু বিদ্যুতৰ যোগান পৌৰসভাৰ অধীনত পৰে বুলি চিঠিত উল্লেখ কৰিছে৷ অৱশ্যে যদিহে কোনোবা অঞ্চলত তেনে ব্যৱস্থা কৰিব লাগে, তেন্তে সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে কামটো কৰাৰ বাবে জিলা প্ৰশাসনৰ কাষ চাপি প্ৰস্তাৱ দাখিল কৰিব পাৰে বুলিও উল্লেখ কৰিছে শোধনাগাৰ কৰ্তৃপক্ষই৷ সেইদৰে স্থানীয় শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এপ্ৰেণ্টিছশ্বিপত সন্থাই জনোৱা সংৰক্ষণৰ দাবী সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষই এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচী তেওঁলোকৰ মুখ্য কাৰ্যালয় আৰু চৰকাৰী নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হয় আৰু ইয়াৰ সংৰক্ষণ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনা অনুসৰি হয় বুলি জনায়৷ কিন্তু শোধনাগাৰ কৰ্তৃপক্ষৰ এই উত্তৰসমূহকলৈ সন্তুষ্ট হোৱা নাই বৃহত্তৰ ঢালিগাঁও নিবনুৱা সন্থাৰ নেতৃত্ব৷ সন্থাই এই সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষক পুনৰ সন্থাৰ লগত বহি দাবীসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান জনাইছে৷ লগতে বাহিৰৰ পৰা অহা ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক স্থানীয় নিবনুৱাসকলক কাম- কাজত নিয়োগৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈকো দাবী জনায়৷ অন্যথা সন্থাই ৰাইজৰ সহযোগত পূৰ্বে যিদৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল পুনৰ গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে৷ সংবাদ মেলত সন্থাৰ কাৰ্যকৰী সভাপতি বিপিন দৈমাৰী, কাৰ্যালয় সম্পাদক অৰূপ ৰায় আদিও উপস্থিত আছিল৷