বুঢ়াচাপৰিৰ উচ্ছেদৰ তৃতীয় দিনা বিধায়ক নুৰুল হুদাৰ তীব্ৰ প্ৰতিবাদ
ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, গণ বাৰ্তা, ৰূপহীহাট, ১৬ ফেব্ৰুৱাৰী: বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অবৈধ বেদখলীক উচ্ছেদ অভিযানৰ আজি তৃতীয় দিনা সুঁতিৰপাৰ গাঁও পঞ্চায়তৰ চিতলমাৰী পথাৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ সূঁতিৰপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এক নম্বৰ, সাত নম্বৰ আৰু ১০ নম্বৰ ৱাৰ্ডত আজি চলি থকা উচ্ছেদ স্থলীত উপস্থিত হয় ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা। বিধায়ক নুৰুল হুদা উপস্থিত হৈ উচ্ছেদ অভিযানত তীব্ৰ বাক্যবানেৰে বাধা প্ৰদান কৰে। বিধায়ক নুৰুল হুদাই দণ্ডাধীশ ক’ত বুলি প্ৰশ্ন তুলি উচ্ছেদ অভিযান বন্ধ কৰিবলৈ ধমক দিয়ে। বন্যপ্ৰাণী অভয়াৰণ্যৰ সলনি নগাঁও জিলাৰ চিতলমাৰী পথাৰ ৰাজহ গাঁৱত শোণিতপুৰ প্ৰশাসনে উচ্ছেদ চলোৱা বুলি অভিযোগ তুলি তৰ্জন গৰ্জন কৰি কয় যে “মই দণ্ডাধীশক ক’তো দেখা পোৱা নাই । চিতলমাৰী পথাৰ গাঁওখন সুঁতিৰপাৰ পঞ্চায়তৰ অংশ বুলি দাবী কৰি উচ্ছেদ অভিযান কিছু সময়ৰ বাবে স্তব্ধ কৰি দিয়ে বিধায়ক নুৰুল হুদাই। আনকি, বিধায়ক গৰাকীয়ে উচ্ছেদ কাৰ্যত ব্যৱহৃত জেচিপিৰ আগত থিয় দিও বাধা প্ৰদান কৰে। বিধায়ক গৰাকীয়ে ১৯৬৩ চনৰ পৰাই গাঁও খনৰ ৰাইজে খাজনা আদায় দিয়াৰ ৰছিদ প্ৰদৰ্শন কৰে। তেওঁ উচ্ছেদ স্থলীৰ পৰাই মূখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ৰাজহ গাঁৱত শোনিতপুৰ প্ৰশাসনে উচ্ছেদ অব্যাহত ৰখা বুলি জনাই উচ্ছেদ বন্ধ কৰিবলৈ আহ্বান জনায়। প্ৰায় এক ঘণ্টা সময় ধৰি চিতলমাৰী পথাৰৰ উচ্ছেদ স্থলীত থকাৰ পিছত উক্ত ঠাইৰ পৰা আতঁৰি আহে বিধায়ক গৰাকী। অৱশ্যে পৰবৰ্তী সময়ত উচ্ছেদ অভিযান শান্তিপূৰ্ন ভাবে চলি থাকে। বিগত তিনি ধৰি বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত ভুমিত থকা সাতখনকৈ চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে অন্যান্য চৰকাৰী অনুষ্ঠান আৰু মছজিদ মাদ্ৰাছা ঘৰ-ধোৱাৰ আদি সকলো এক ফালৰ পৰা বুলডজাৰ চলাই ভাঙি পেলোৱা হয়। উচ্ছেদ স্থলীৰ চৌদিশে কেৱল কান্দোনৰ ৰোল উঠে দৃশ্য আছিল অতি মৰ্মান্তিক। ইপিনে ,দুভৰামাৰী চৰত আজি উচ্ছেদ চলাওতে সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতিৰ। মাইকযোগে একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ঘোষণা কৰাৰ লগে লগে ওলাই আহে হেজাৰ হেজাৰ লোক। হেজাৰ লোকে দুভৰামাৰী চৰত সৃষ্টি কৰে হুলুস্থলীয়া পৰিস্থিতিৰ। চৰুৱা ৰাইজে এক্সকেভেটৰৰ সন্মূখত বহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাধা দিয়ে উচ্ছেদ অভিযানত। কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ চলাবলৈ অহা বুলি বন বিভাগৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ। চৰুৱা ৰাইজে বন বিভাগৰ বিৰুদ্ধে মুকলি ভাৱে প্ৰতিবাদ জনায়। প্ৰায় তিনি হাজাৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষী বাহিনীৰ লোকে এই উচ্ছেদত অংশ গ্ৰহন কৰে। উচ্ছেদ চলি থাকিব বুলি জানিব পৰা গৈছে।