বি টিএ ডি প্ৰধান প্ৰমোদ বড়োৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে চোকা সমালোচনা ।

0 572

বি টিএ ডি প্ৰধান প্ৰমোদ বড়োৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে চোকা সমালোচনা আজি এম চি এল এ মুনমুন ব্ৰহ্মৰ প্রত্যুৎত্তৰ আৰু চোকা ভাষাৰে সমালোচনা।নামনি অসম তথা বিটিএডি এলেকাৰ কোকৰাঝাৰ আৰু তামুলপুৰ সমষ্টি দখলক লৈ দুই ভিন্ন দল বিপিএফ আৰু ইউ পি পি এলৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ মাজত নিতৌ ৰাজনৈতিক বাদানুবাদ ,বাকযুদ্ধ আৰু চোকা সমালোচনা চলি থকাৰ মাজতে যোৱা কালি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা সমষ্টিৰ দেৱীতোলাত অনুষ্ঠিত হোৱা ইউ পি পি এল দলৰ তৃতীয় বাৰ্ষিক অধিৱেশনত ৰাজহুৱা সভাত বিটিএডি প্ৰধান প্ৰমোদ বড়োই কৰা হাগ্ৰামা মহিলাৰী আৰু মুন মুন ব্ৰহ্মই প্ৰত্যুত্তৰ দি প্ৰমোদ বড়োক চোকা সমালোচনা কৰা দেখা যায় ।

তেওঁ আজি এক সংবাদমেল আয়োজন কৰি কয় প্ৰমোদ বড়ো ৰঙিয়াৰ বাসিন্দা ।বিটিএডি ত ৰাজনীতি কৰি আমাক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। তেওঁ কয় এতিয়া প্ৰমোদ বড়োৰ দিনত বিটিএডি ত দিন দুপৰতে হত্যা লীলা চলিছে। ইয়াত কোনো নিৰাপত্তা নাই ।বিটিএডি ত এসময়ত হাগ্ৰামা মহিলাৰীৰ নিৰ্মান কৰা পথ,স্কুল কলেজ ,ইঞ্জিনীয়াৰিং কলেজ আৰু মেডিকেল কলেজ হাইজেক কৰি প্ৰমোদ বড়োই নিৰ্মান কৰিছে বুলি প্ৰচাৰ চলাইছে।তেওঁ কয় সাম্প্ৰতিক বিটিএডি ত উন্নয়ন স্থবিৰ হৈছে। এতিয়া প্ৰমোদ বড়ো কেৱল দুৰ্নীতিত নিমজ্জিত হৈছে।তেওঁ কয় মিছলীয়া আৰু ঠগ বাজি চৰকাৰ চলাইছে বুলি চোকা সমালোচনা কৰে।

Leave A Reply

Your email address will not be published.