বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়াৰ ৰাইজ ।

0 85

বিজ্ঞান সন্মতভাৱে নলা নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰঙিয়াৰ ৰাইজ । ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ ধৰমপুৰ, মুৰাৰা আৰু দ্বীপ্তিনগৰৰ লোকসকলে হাতে হাতে বেনাৰ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ । ৰাইজৰ অভিযোগ ৰঙিয়াৰ সোমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লোৱা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অঞ্চলটোৰ বাবে অতিকৈ জৰুৰী নলা এটা অঞ্চলটোৰ ভৌগোলিক অৱস্থাৰ লগত মিলাই বিজ্ঞান সন্মত ভাবে নিৰ্মাণ নকৰি নিজ ময়মতালিৰে নিৰ্মাণ কৰিবলৈ ওলাইছে ।

অঞ্চলটোৰ মাজেৰে যোৱা নলাটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পানী বৰলীয়া নৈত পৰাৰ ব‍্যৱস্থা কৰিব লাগিছিল যদিও নলাটো সম্পূৰ্ণ ওলোটাকৈ বনোৱা হৈছে । দৰাচলতে অঞ্চলকেইটাৰ পানী উক্ত নলাটোৰে ওলাই গৈ কাষেৰে বৈ যোৱা বৰলীয়া নৈত পৰিব লাগিছিল । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰিব ওলোৱা নলাটোৰে পানী ওলোটাকৈ বৈ গৈ জনবসতি পূৰ্ণ এলেকা এটাতহে জমা হবগৈ । আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি নলাটো মাত্ৰ তিনি ফুট গভীৰ কৰাৰ লগতে নিৰ্মাণ কাৰ্যত যথেষ্ট নিম্নমানৰ সামগ্ৰী ব‍্যৱহাৰ কৰা হৈছে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ সংস্থাই নিৰ্মাণ কাৰ্য চলাই থকা বাবে বিষয়টো সন্দৰ্ভত স্থানীয় প্ৰশাসনে ৰাইজক কোনোধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই । গতিকে স্থানীয় ৰাইজে বিষয়টো সন্দৰ্ভত এক চিৰস্থায়ী সমাধানৰ দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.