বটদ্ৰৱা সমষ্টিৰ কুসুমবৰী গাৱঁত মহাপুৰুষ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ ভেটি বিচাৰি উপস্থিত সত্ৰ আয়োগ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা
বটদ্ৰৱা সমষ্টিৰ কুসুমবৰী গাৱঁত মহাপুৰুষ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ ভেটি বিচাৰি উপস্থিত সত্ৰ আয়োগ কমিটিৰ অধ্যক্ষ প্ৰদীপ হাজৰিকা। বাঁহৰ সাকোৰে দূৰ্গম ৰাস্তাৰে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু মৰিগাৱঁৰ বিধায়ক ৰমাকান্ত দেউৰী। আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অসম বিধানসভাৰ তিনিজনীয়া সদস্যৰে গঠিত অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষন আৰু পৰীক্ষণ আয়োগৰ বিষয়া আৰু সদস্যৰ দলৰ সৈতে উপস্হিত হয় আজি বটদ্ৰৱা সমষ্টিৰ কুসুমবৰী গাৱঁত বিধায়ক ৰমা দেউৰী ।
কুসুমবৰী গাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞাৰ ভেটি বিছাৰি উপস্হিত গাঁৱখনত। গাঁৱখনত উপস্থিত হৈ কুসুম্বৰ ভূঞাৰ নামত থকা ভূমি উদ্ধাৰ কৰিলৈ সত্ৰ আয়োগ কমিটিৰ অধ্যক্ষ সহ চৰকাৰী বিষয়া উপস্থিত হয় । ইফালে কুসুম্বৰি গাঁৱৰ পিছতেই আয়োগৰ অধ্যক্ষ সহ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত হয় ঐতিহ্যমণ্ডিত কোৱাইকটা সত্ৰত। সত্ৰত উপস্থিত হৈ আয়োগৰ অধ্যক্ষ আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতেই বটদ্ৰৱা ৰামপুৰ সত্ৰ আৰু নৰোৱা বালি সত্রতো উপস্থিত হয় দলটো।