বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা কৃষি বিভাগ আৰু অক্টোপাছৰ উদ্যোগত কৃষি মেলা উদযাপন ৷
কামৰূপ জিলাৰ বকো কৃষি মহকুমা বিষয়া কাৰ্যালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা কৃষি বিভাগ আৰু অক্টোপাছৰ উদ্যোগত মাটি স্বাস্থ্য সন্দৰ্ভত এটি প্ৰশিক্ষণ শিবিৰৰ লগতে এখনি কৃষি মেলা উদযাপন কৰা হয় ৷ উক্ত কৃষি মেলা খনৰ দ্বাৰ মুকলি কৰে বকো কৃষি মহকুমা বিষয়া চন্দ্ৰধৰ কলিতাই ৷ বকো কৃষি চক্ৰ এলেকাৰ জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া হিতেশ ডেকাৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰ আৰু কৃষি মেলাৰ কাৰ্যসূচীত বিষয়া গৰাকীয়ে সুন্দৰ ভাৱে মাটিৰ গুনাগুণ সন্দৰ্ভত লগতে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আৰু কৃষকৰ পৰা ধান ক্ৰয় কৰা সন্দৰ্ভত বিশদ ভাৱে আলোকপাত কৰে ৷
জেষ্ঠ্য কৃষি উন্নয়ন বিষয়া কিশোৰ তালুকদাৰে সমল ব্যক্তি হিচাপে কৃষি মেলা খনৰ লগতে প্ৰশিক্ষণত অংশ গ্ৰহন কৰি কৃষক সকলক বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷ উক্ত অনুষ্ঠানত কৃষকৰ পৰা অহা বিভিন্ন প্ৰশ্নৰ উত্তৰ সমূহ বিভাগীয় কতৃপক্ষই সুন্দৰ ভাৱে বুজাই দিয়ে ৷ অৱশেষত অনুষ্ঠানত উপস্থিত থকা বিভাগীয় বিষয়া সকলে ভৱিষ্যতে কৃষি বিভাগটোক উন্নতিৰ জখলাত নিবলৈ পৰামৰ্শ বিচাৰে ৷অনুষ্ঠানত কৃষি পৰিদৰ্শক কমলেশ্বৰ দাস আৰু কৃষি সম্প্ৰসাৰণ সহায়ক চাহাবুদ্দিন আহমেদে গুৰুত্ব ভূমিকা পালন কৰে ৷