বকোৰ নেউলডোৱা কানাইলাল প্ৰাথমিক বিদ্যালয়ত শৌচাগাৰৰ কামৰ শুভাৰম্ভ জিলা পৰিষদ সদস্যা হিমাদ্ৰী পাঠকৰ ৷
কামৰূপ জিলাৰ বকো সমষ্টিৰ ৪৮ নং ছমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত নেউলডোৱা কানাইলাল প্ৰাথমিক বিদ্যালয়ত আজি জিলা পৰিষদৰ পুঁজিৰে নিৰ্মান কৰিবলগীয়া শৌচাগাৰৰ কামৰ শুভাৰম্ভ কৰা হয় ৷ নগৰবেৰা জিলা পৰিষদৰ ৪ লাখ ২৫ হাজাৰ টকাৰ পুঁজিৰে কামৰ শুভাৰম্ভ কৰে জিলা পৰিষদ সদস্যা হিমাদ্ৰী পাঠকে ৷
শৌচাগাৰটোৰ কামৰ শুভাৰম্ভ অনুষ্ঠানৰ আৰম্ভনীতে কাহিবাৰী গাঁৱৰ যুৱ সমাজ কৰ্মী মৃদুল মণ্ডলৰ পৰিচালনাত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচীত ছমৰীয়া গাঁও পঞ্চাযতৰ সভাপতি বুদ্ধেশ্বৰ মণ্ডল, ৱাৰ্ড সদস্য আৰাধণ মণ্ডল, সমাজকৰ্মী প্ৰবীন মণ্ডল, কাৰ্তিক মণ্ডল, প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে ৷