প্ৰশ্ন কাকত ফাদিল, পৰীক্ষা বাতিল। ৰঙিয়াত আছুৰ উত্তাল প্ৰতিবাদ। ৰাজপথত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত পৰীক্ষাৰ আগতেই ফাদিল হোৱা তথা পৰীক্ষা বাতিল কৰিবলগীয়া হোৱা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়াত আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। সোমবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ৰাজপথত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰাৰ লগতে ৰণোজ পেগু হায় হায় আদি ধ্বনিৰে উত্তাল কৰে ৰঙিয়াৰ ৰাজপথ।
আছুৱে লগতে নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ শীঘ্ৰে পদত্যাগৰ দাবী জনায় আৰু ভৱিষ্যতে মেট্ৰিকৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত যাতে খেলি মেলি নহয় তাৰবাবে চৰকাৰক সকিয়াই দিয়ে। আনহাতে অসমীয়া জাতীয় অনুষ্ঠান ছেবাক ধ্বংস কৰাৰ এক ষৰযন্ত্ৰ বুলি অভিহিত কৰে ৰঙিয়া আছুৱে। এনেকুৱা ধৰণৰ কৰ্ম কাণ্ডৰ বাবে অসমৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজে ছেবাৰ পৰা বিশ্বাস হেওৱাই পেলাব।
ৰঙিয়াৰ পৰা ইনতাজ আলী