প্ৰশ্নকাকত সংগ্ৰহ, পৰীক্ষাক লৈ নতুন নিৰ্দেশনা জাৰি
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে তৎপৰ শিক্ষা বিভাগ। সেয়েহে পৰীক্ষাক লৈ জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। SEBA/EX/HOLD/652022-23/53 নং পত্ৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ছেবাৰ সচিব গৰাকীয়ে। এই পৰীক্ষা কেন্দ্ৰসমূহত কেইজনমান বিশেষ বিষয়া নিয়োগ কৰিব বিদ্যালয় কৰ্তৃপক্ষই। থানাৰ পৰা প্ৰশ্নকাকত আনাৰ সময়ত উপস্থিত থাকিব এই কেইগৰাকী বিষয়া। ছেবাই প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ টোপোলাৰ সংখ্যা নিশ্চিত কৰিব এই কেইগৰাকী বিষয়াই। ইয়াৰ উপৰিও প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে উপস্থিত থাকিব দুগৰাকীকৈ পৰীক্ষা নিৰীক্ষক। লগতে প্রত্যেকটো পৰীক্ষা কেন্দ্রৰ তত্বাবধায়কে প্রৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীৰ নিৰীক্ষণৰ তদাৰক কৰিব। প্ৰয়োজন সাপেক্ষে আৰক্ষীক সহায় কৰিব পৰীক্ষা নিৰীক্ষকসকলে।