পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই,গোলাঘাট আদালতত হাজিৰ ।
পুনৰ চৰ্চাত বৰ্ষাশ্ৰী বুঢ়াগোঁহাই। ফেচবুক পোষ্টৰ বাবেই কাৰাৰুদ্ধ হ’বলগীয়া হ়োৱা ছাত্ৰীগৰাকী গোলাঘাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ।
পুৱা আদালতত হাজিৰ হৈ আইনৰ ওপৰত বিশ্বাস আছে বুলি মত ব্যক্ত কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে। আইনে তেঁওক ন্যয় দিব বুলি উল্লেখ কৰে।
আনফালে আদালত কক্ষৰ পৰা উলাই আহি বষাশ্ৰীৰ ভাতৃ আৰু অধিবক্তাই জানিবলৈ দিয়ে । আজিৰ পৰা বষাশ্ৰী দোষমুক্ত বুলি মহামান্য আদালতে ঘোষণা কৰিলে। লগতে চৰকাৰে আক্ৰোশ মুলক ভাৱে যি হাৰাশাস্তি কৰাৰ লগতে মানসিক আৰু শাৰীৰিক ভাৱে আঘাত দিলে তাৰ পৰিপেক্ষিতত চৰকাৰক ইয়াৰ ক্ষতিপূৰণ বিচৰা হৱ বুলি ভাতৃয়ে জানিবলৈ দিয়ে।।