নতুন দিল্লীৰ প্ৰেছ ক্লাৱত অসম-দিল্লী আৰু বহিঃ ৰাষ্ট্ৰৰ কবি সাহিত্যিক আৰু সাংবাদিকৰ গল্প কবিতা,সাহিত্য,গান বাজন আৰু আলাপ আলোচনা আদিৰ অনুষ্ঠিত হল অন্তৰংগ সন্ধিয়া।

0 160

নতুন দিল্লীৰ প্ৰেছ ক্লাৱত অসমৰ বিশিষ্ট কবি সাহিত্যিক আৰু সাংবাদিক মনোজ গোস্বামীৰ নেতৃত্বত অসম আৰু বহিঃ ৰাষ্ট্ৰৰ বিশিষ্ট কবি সাহিত্যিক প্ৰতিনিধি সকলৰ মাজত গল্প কবিতা,সাহিত্য,গান বাজন আৰু আলাপ আলোচনা সমালোচনা মূলক এক অন্তৰংগ সন্ধিয়া অনুষ্ঠিত হয়।আৰু উক্ত অনুষ্ঠানৰ পিছত দিল্লী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ সৈতে এক আলোচনাত মিলিত হয়।লগতে দিল্লীত থকা সকলো সাংবাদিকে এক নৈশ আহাৰতো অংশগ্ৰহণ কৰে।

উক্ত কাৰ্য্যসূচীত সাহিত্যিক য়েছে দৰজে থংছি ,দূৰদৰ্শনৰ অমৃত জ্যোতি মহন্ত ,ব্ৰিটিছ কাউন্সিলৰ জ্যেষ্ঠ বিষয়া অমিতাভ দত্ত,বড়ো ভাষাত সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰাপ্ত ৰশ্মি চৌধুৰী,বি বি চি ৰ শচীন গগৈ,প্ৰবীণ সাংবাদিক দীপক দেৱান আৰু দিল্লীৰ কেইবাজনো সংবাদ মাধ্যমৰ প্ৰতিনিধি সকল অংশগ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.