ধুবুৰী ভাষানিৰচৰ গাৱঁ পঞ্চায়তৰ উদ্যোগত প্ৰধানমন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ অধীনত ধনৰ প্ৰথম কিস্তি প্ৰদান।
গণ বাৰ্তা,বিশেষ,ধুবুৰী ১৬ ফেব্ৰুৱাৰী,প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত আজি ধুবুৰী জিলাৰ ভাষানিৰচৰ গাওঁ পঞ্চয়তত ৪০ গৰাকীকৈ নতুন হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ পুঁজি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়৷ ভাষানিৰচৰ গাওঁ পঞ্চয়তৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত পঞ্চায়তৰ সচিব আছৰাফুল ইছলাম আৰু সভানেত্ৰী হামিদা খাতুনে হিতাধিকাৰীক অনুমোদন পত্ৰ আৰু মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী সকলক উদেশ্যি লিখা এখন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ হিতাধিকাৰীসকলৰ বেংক একাউন্টত প্ৰথম কিস্তিৰ ৩২,৫০০ টকা দিয়াৰ ব্যৱস্থা কৰা হয় ৷ পঞ্চায়তৰ সচিব আশ্ৰাফুল ইছলাম গৃহ নিৰ্মাণৰ বাবে লাভ কৰা পুঁজিৰ সদ ব্যৱহাৰ কৰিবলৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত ঘৰৰ কাম শেষ কৰিবলৈ হিতাধিকাৰী সকলক আহ্বান জনায়৷ গাওঁ পঞ্চয়তৰ সভানেত্ৰী হামিদা খাতুন , সচিব আশ্ৰাফুল ইছলাম, গাৱঁ পঞ্চায়তৰ ইউনিট সদস্য সকল আৰু সমাজকৰ্মীৰ লগতে ৰাইজৰ উপস্থিতিত, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ নতুন হিতাধিকাৰী সকল অনুষ্ঠানত উপস্থিত থাকে ৷ ৪০ গৰাকী হিতাতীকাৰীক প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হয় যদিওঁ পৰিবৰ্তী সময়ত আন ১৫৮ গৰাকী হিতাতীকাৰীক প্ৰথম কিস্তিৰ ধন প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে ৷