ধুবুৰী জিলাৰ জলসম্পদ বিভাগত চলিছে ব্যাপক দূৰ্নীতি ।

0 82

ধুবুৰী জিলাৰ জলসম্পদ বিভাগত চলিছে ব্যাপক । দূৰ্নীতি সাংসদ আৰু বিধায়কৰ ওপৰত ক্ষুব্ধ ৰাইজ । ফকিৰগঞ্জত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কামত ব্যাপক অনিয়ম ।

উল্লেখ্য যে ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে ২০২০ আৰু ২০২১ বৰ্ষৰ ১২০০ মিটাৰ জি অ বেগৰ কামৰ বাবে মুঠ ১৫ কোটি টকা আৱণ্টণ দিয়ে।পৰিতাপৰ বিষয় যে উক্ত কাম খিনি বিভাগীয় নিৰ্দেশনা নামানি যধে মধে কৰি চৰকাৰী ধন আত্মসাৎৰ অভিসন্ধি কৰিছে। এই সন্দৰ্ভত ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দূৰ্ণীতি হোৱাৰ অভিযোগ উস্থাপিত কৰিছে। ধাৰাবাহিক বাতৰিৰ পিছতেই বিভাগীয় কতৃপক্ষৰ তৰপৰ পৰা অভিযন্তা সকলে তদন্ত কৰিবলৈ আহে, কিন্তু মান নিয়ন্ত্রণ বিষয়া অহাৰ খবৰ পাই স্থানীয় ৰাইজে কামৰ তথ্য বিচাৰি ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষত উপস্থিত হয়।

পৰিতাপৰ বিষয় যে মান নিয়ন্ত্ৰণ বিষয়াই অতি সোনকালেই গুচি যোৱাত ৰাইজে লগ নোপোৱাত ৰাইজ সকলে খৰ্গ হস্ত হৈ পৰে আৰু তদন্তৰ নামত ভেঁকোভাওনা কৰাৰ অভিযোগ উস্থাপন কৰে৷ আনহাতে স্থানীয় ৰাইজৰ লগতে ফকিৰগঞ্জ জিলা পৰিষদৰ সদস্য ড° জাকিৰ হোছেনে অভিযোগ কৰে যে প্ৰতিৰোধৰ কাম দুটাৰ ঠিকা লাভ কৰা ঠিকাদাৰ zed Engineers আৰু ছাকোৱাত হুছেইনৰ চক্ৰান্তত মান নিয়ন্ত্ৰণ বিষয়াই পলাই পতং মেলে ৷ লগতে প্ৰতিৰোধৰ কাম দুটাত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা ,লেহেমীয়া গতিত কাম চলি থকা, দুমাহত মাথন ২০শতাংশ কাম হোৱা ,ব্ৰহ্মপুত্ৰ নদীৰ পানী বঢ়িলে চকুত ধুলিদি পানীৰ তলত কাম হোৱাৰ কথা কৈ বিল উঠাই লোৱাৰ সন্দেহ৷আনকি কামৰ তথ্য ৰাজহুৱা নকৰি অনিয়মীয়া ভাবে কাম কৰি কৰাৰ অভিযোগ কৰে৷


আনহাতে ফকিৰগঞ্জৰ ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি হোৱাৰ আগতেই অতি সোনকালে চৰকাৰী নীতিনিয়ম মতে প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰাৰ দাবী উস্থাপন কৰি বিভাগিয়ো মন্ত্ৰীক পৰিদৰ্শন কৰিবলৈ দাবী জনায়৷

Leave A Reply

Your email address will not be published.