ধুবুৰীত সদৌ অসম প্ৰদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৷

0 200

গণ বাৰ্তা বিশেষ,ধুবুৰী,১৬ ফেব্ৰুৱাৰী,সদৌ অসম প্ৰদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ উদ্যোগত আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট টিউটৰ শিক্ষকৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত শতাধিক টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বহিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত। দিছে চৰকাৰ বিৰোধী বিভিন্ন প্ৰতিবাদী শ্লোগান। মুঠৰ ওপৰত বিদ্যালয় এৰি শতাধিক টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত। দিনৰ এঘাৰ বজাৰ পৰা দুই ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন কৰি চৰকাৰক তীব্র সমালোচনা কৰিলে শিক্ষক শিক্ষয়িত্ৰী সকলে। টিউটৰ সকলক শিক্ষকৰ মৰ্য্যদা দি শিক্ষকলৈ উন্নীতকৰণ কৰা, বঞ্চিত শিক্ষক কৰ্মচাৰীক প্ৰাদেশীকৰণ কৰা, সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি সমদৃষ্টি ৰখা আৰু গ্ৰেচ্যুইটিৰ ব্যৱস্থা কৰাকে ধৰি মুঠ পাঁচ দফীয়া দাবীৰ ভিত্তিত এই প্ৰতিবাদ সাব্যস্ত কৰিলে টিউটৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।

উল্লেখ্য যে, এই সকল টিউটৰ শিক্ষক শিক্ষয়িত্ৰীক শিক্ষকৰ মৰ্য্যদা নিদিয়াৰ লগতে বিদ্যালয়বোৰৰ ছাত্ৰ ছাত্ৰী সকলক গুণোৎসৱৰ পৰা আৰু বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰি শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা বহু শিশুক বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে এই সকল টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে। এওঁলোকৰ দাবী পূৰণ কৰা নহলে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী টিউটৰ শিক্ষক শিক্ষয়িত্ৰীৰ।

Leave A Reply

Your email address will not be published.