দৰঙৰ কলাইগাঁও অনুনাদ এগ্ৰু প্ৰডিউচাৰ কোম্পানীৰ সেউজ বিপ্লৱৰ সূচনা

গনবাৰ্তা,কলাইগাঁও,১৬ ফেব্ৰুৱাৰী: সম্প্ৰতি জলন্ত নিবনুৱা সমস্যাই অসমৰ জাতীয় জীৱনলৈ ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰাৰ সময়তে কলাইগাঁৱত একাংশ প্ৰগতিশীল যুৱকে কৃষি অৰ্থনীতিত নিৰ্মজিত হৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। দৰং জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত সাতখনকৈ গাঁও পঞ্চায়তত আলু,সৰিয়হ, কুহিয়াৰ,বগৰী, মৎস্য পালন আদিৰ জৰিয়তে কাৰ্যত সেউজ বিপ্লৱৰ সূচনা কৰি কৃষি অৰ্থনীতিলৈ বৰঙণি আগবঢ়োৱাটো প্ৰকট হৈ পৰিছে। উল্লেখ্য যে Farmer producer company (FPC) ৰ অধীনত কলাইগাঁও অনুনাদ এগ্ৰু প্ৰডিউচাৰ কোম্পানী নামৰগ সংস্থাটিয়ে APART আৰু ICCUA ৰ জৰিয়তে পঞ্জীয়নভুক্ত হৈ তেওঁলোকৰ নিৰ্দেশনা তথা অনুপ্ৰেৰণাত
নানা উৎপাদনমুখী পদক্ষেপ গ্ৰহণ কৰি স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰিছে। মনকৰিবলগীয়া যে এসময়ৰ স্বাধীন অসমৰ সপোন দেখা উদ্যমী যুৱক দুস্মন্ত নাথক চেয়াৰমেন,লোহিত হাজৰিকাক বৰ্ড অফ ডাইৰেক্তৰ,সঞ্জয় ডেকাক মুখ্য কাৰ্যবাহী বিষয়া,ত্ৰৈলোক্য নাৰায়ণ দাস,কাৰ্তিক ৰায় চৌধুৰী, দিজেন নাথ,মুকুল ডেকা, ধ্ৰুৱ ডেকা আৰু মণিষা বৰাইক সদস্য হিচাপে লৈ গঠিত সংস্থাটিয়ে ইতিমধ্যে বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰি সাত গাঁও পঞ্চায়তক সামৰি প্ৰত্যেকখন গাঁৱত ২০-২৫ জন সদস্যক লৈ মুঠ ২২ টা Farming interested group (FIG) গঠন কৰি আধুনিক পদ্ধতিত কৃষি কৰ্মত নিয়োজিত হৈ কৃষি অৰ্থনীতিলৈ ব্যাপক জনজাগৰণ সৃষ্টি কৰিছে। অনুনাদ এগ্ৰু প্ৰডিউচাৰ কোম্পানীটোৰ চেয়াৰমেন দুস্মন্ত নাথে জানিবলৈ দিয়া মতে দৰঙৰ কৃষি বিভাগ আৰু মীন বিভাগৰ তত্বাৱধানত অদ্যাপি প্ৰায় দুই হাজাৰ বিঘা ভূমিত সৰিয়হ,সৰ্বমুঠ প্ৰায় এক হাজাৰ বিঘা ভূমিৰ পুখুৰীত মৎস্য পালন, আশী বিঘা ভূমিত আলু খেতি কৰি অধিক উৎপাদনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই আনিছে। আনহাতে দুই বিঘা ভূমিত পাঞ্চজন্যৰ জৰিয়তে চৰণধৰা,(গৰিয়াপাৰা) আৰু টেঙাবাৰীত বগৰী আৰু ষ্টবেৰী খেতি কৰি যথেষ্ট উৎপাদন কৰিবলৈ সক্ষম হৈছে। সংস্থাটিয়ে উন্নত জাতৰ মাছৰ পোনা মালদাহৰ পৰা ক্ৰয় কৰাৰ উপৰিও মাছৰ খাদ্য উৎপাদন উদ্যোগ গঢ়ি তুলি আৰ্থিকভাৱে লাভবান হোৱাৰ প্ৰচেষ্টা চলাইছে। তদুপৰি অতি সম্প্ৰতি চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত জাতৰ আলু আৰু সৰিয়হৰ বীজ উৎপাদন কৰিবলৈয়ো মনোনিবেশ কৰিছে। আগন্তুক দিনত সৰিয়হ উৎপাদন কৰি মিঠাতেল বিক্ৰী আৰু মহিলা সকলৰ স্বাৱলম্বী কৰিবলৈ বয়ন শিল্প স্থাপনকে ধৰি বিভিন্ন পদক্ষেপ লবলৈ পৰিকল্পনা হাতত লোৱা সংস্থাটিক পৰ্যাপ্ত আৰ্থিক অনুদান আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে।