দৰঙত কলা-বগা ৰঙৰ মেপক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা ।
দৰঙৰ মঙলদৈ সমষ্টিৰ চৰাঞ্চলৰ কেইবাখনো গাঁৱত অচিনাকী লোকে মাটিত লগাই যায় কলা-বগা ৰঙৰ মেপ। আতংকিত চৰাঞ্চলৰ ৰাইজ ।ৰাজ্যৰ বিভিন্ন অঞ্চলত চৰকাৰে চলাই গৈছে এটাৰ পিছত আন এটা উচ্ছেদ । এনে উচ্ছেদৰ পিছত আন একাংশ লোক আতংকিত ও শংকাত দিন পাৰ কৰাৰ সময়তে এইবাৰ এটা মেপক লৈ শংকিত হৈ পৰিছে দৰঙৰ কেইবাখনো গাঁৱৰ খাটি খোৱা ৰাইজ । কোনে কি উদ্দেশ্য এনে ধৰণৰ মেপ পথাৰত ব্যবহাৰ কৰিছে ইয়াৰ সদুত্তৰ নাই বৰ্তমান কাৰো তাত ।

উল্লেখযোগ্য যে দৰঙৰ মঙলদৈ সমষ্টিৰ চৰাঞ্চল ১নং আৰু ২নং মাগুৰমাৰী , বাইগৰমাৰী , ইছলামপুৰ , গৰাপুৰী আদিকে ধৰি কেইবাখনো গাঁৱৰ পথাৰত কেইজনমান অচিনাকী যুৱকে ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি কলা-বগা ৰঙৰ এক ধৰণৰ মেপ মাটিত গজালেৰে লগাই থৈ যায় যদিও এই সন্দৰ্ভত একো অৱগত নকৰে কাকো । আনকি গাওঁ প্ৰধানেই ইয়াৰ কাৰণ নজনা বুলি কোৱাত আৰু অধিক আতংকিত হৈ পৰিছে গঞা ৰাইজ । পথাৰত লগাই থোৱা এনে ধৰণৰ কলা-বগা ৰঙৰ মেপ লগোৱাৰ উদ্দেশ্য আৰু কাৰণ কোনেও নজনাৰ বাবে বৰ্তমান গাওঁ কেইখনৰ পুৰুষ মহিলাসকল শংকিত হৈ পৰিছে । ইয়াৰ কাৰণ ৰাজহুৱা কৰাৰ বাবে গাঁও কেইখনৰ আতংকিত ৰাইজে চৰকাৰৰ লগতে জিলা প্ৰশানক আহ্বান জনায় ।