দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ দ্ৰৌপদী মূৰ্মু

0 95

নিউজ ডেস্ক: ৬ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্ম।৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।এই কথা জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই।

ইয়াৰোপৰি কাজিৰঙাত অনুস্থিত হবলগীয়া এই কাৰ্যসূচী বিভিন্ন স্থানত অনুষ্ঠিত হ’ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থান সমূহ নিৰূপন কৰা হ’ব বুলি জানিবলৈ দিয়ে সঞ্চালক যতীন শৰ্মাই।ইতিমধ্যে জিলা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তপক্ষই কেইবাখনো উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে নিৰূপনৰ বাবে কাজিৰঙাৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিছে ।    

Leave A Reply

Your email address will not be published.