তেজপুৰ সমীপ ব্ৰহ্মপুত্ৰৰ চাপৰিত উদ্ধাৰ  নিখোঁজ যুৱকৰ মৃতদেহ ৷ 

0 218

 চাৰিদিন ধৰি সন্ধানহীন আছিল নাৰায়ণপুৰৰ যুৱক নিহাল কাকতি। 

ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,  ১৬ফেব্ৰুৱাৰী : 

 তেজপুৰৰ সমীপ ব্ৰহ্মপুত্ৰৰ বুকুত এন ডিআৰএফ, এছডিআৰএফ আৰু নদীআৰক্ষীয়ে  অব্যাহত ৰখা অভিযানৰ অন্তত উদ্ধাৰ হয়  যোৱা চাৰিদিন ধৰি নিখোঁজ হৈ থকা নিহাল কাকতি নামৰ যুৱকজনৰ মৃতদেহ ৷ কালি সন্ধিয়া তেজপুৰৰ ৰুদ্ৰপদৰ সন্মুখৰ তথা ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পানী যুঁৱলিত এটা মৃতদেহ একাংশ মাছমৰীয়াই প্ৰত্যক্ষ কৰি তেজপুৰ নদী আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে তেজপুৰ নদী আৰক্ষীৰ প্ৰভাৰী বিষয়া   লাৱণ্য বেজবৰুৱা আৰু সহকাৰী পৰিদৰ্শক উত্তম ৰয়ৰ নেতৃত্বত আৰক্ষীৰদল নাৱৰে উক্তস্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিশাৰ ভাগতে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা ব্যৱস্থা কৰে ৷ মৃতদেহটোৰ লগতে মোবাইল অাৰু আঙুঠি আদি প্ৰত্যক্ষ কৰি দূৰ্ভগীয়াৰ পৰিয়ালটোৰ সদস্যই মৃতদেহটো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিৰুদ্দিষ্ট নিহাল কাকতিৰ বুলি চিনাক্ত কৰে ৷ উল্লেখ্য যে, নাৰায়ণপুৰৰ  জৰাবাৰী নিবাসী নিহাল  কাকতি নামৰ ২৬বছৰীয়া যুৱকজনে  দক্ষিণপাৰৰ জখলাবন্ধাৰ  জেঠাইৰ ঘৰলৈ বুলি একে অঞ্চলৰে দীপ বৰুৱাৰ স’তে যোৱা ১১ ফেব্ৰুৱাৰী পুৱাভাগত এএছ০৭ইউ৩৫৩৪ নম্বৰৰ ইগ্নিছ বাহনখনত যাত্ৰা আৰম্ভ কৰে ৷ কিন্তু তেজপুৰ চহৰ অতিক্ৰম কৰি সন্ধিয়া ৬-৩০মান বজাত  ভোমোৰাগুৰিৰ নতুন দলঙত  উঠাৰ পিছতে নিহালে মহাবাহু ব্ৰহ্মপুত্ৰক  পূজা- সেৱা কৰোঁ বুলি কয় ৷ সেই অনুযায়ী চালকৰ আসনত থকা দীপ বৰুৱাই বাহনখন দলঙৰ ওপৰতে ৰখোৱাৰ পিছতেই নিহাল গাড়ীখনৰ পৰা নামি  লগে লগেই  ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে ৷ প্ৰকাশ যে,  বাহনখন আছিল দীপৰ মোমায়েকৰ ৷ উক্ত দিনা সন্ধিয়া সংঘটিত এই আকস্মিক ঘটনাটোৰ পিছতেই  তেজপুৰ বৰঘাট আৰক্ষী চকীত উপস্থিত হৈ অবাঞ্চিত ঘটনাটোৰ উল্লিখিত বিৱৰণ দাঙি ধৰে ৷ লগে লগে আৰক্ষীৰদল ঘটনাস্থলীত উপস্থিত হয়  তদন্ত আৰম্ভ কৰে আৰু ইয়াৰ সমান্তৰালভাৱে এনডিআৰএফ, এছডিআৰএফ আৰু তেজপুৰ নদী আৰক্ষীয়ে  ব্ৰহ্মপুত্ৰৰ বুকুত  নিৰুদ্দিষ্ট নিহালৰ সন্ধানত  অভিযান অব্যাহত ৰাখিছিল ৷ এনে প্ৰেক্ষাপটৰ মাজতে কালি সন্ধিয়া নিহালৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে, নাৰায়ণপুৰত নিহালৰ এখন কাপোৰৰ দোকান আছে ৷ কিন্তু কি কাৰণত এইদৰে নগাঁৱৰ আত্মীয়ৰ ঘৰলৈ বুলি ইমানদূৰ যাত্ৰা কৰি আহি তেজপুৰৰ ভোমোৰাগুৰিৰ নতুন দলঙৰ পৰাহে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ দৰে চূড়ান্ত পথ বাছি ল’লে  সেয়া বৰ্তমানেও ৰহস্যৰ  আৱৰ্তত ৷ এইয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া  আৰক্ষীয়ে অব্যাহত তদন্তৰ অন্ততহে পোহৰলৈ আহিব ৷

Leave A Reply

Your email address will not be published.