তৃণমূল যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ জাতীয় পৰিষদত যোগদান।
গুৱাহাটীঃ তৃণমূল কংগ্ৰেছৰ যুৱ সংগঠন ‘তৃণমূল যুৱ কংগ্ৰেছ’ৰ ৰাজ্যিক সাধাৰণ সম্পাদক ডঃ জ্যোতিৰ্ময় লহকৰে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰে৷ গুৱাহাটীৰ জুৰোডত থকা জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপস্থিতিত ডঃ লহকৰে জাতীয় পৰিষদৰ সদস্যভৰ্তি প্ৰপত্ৰ পূৰণ কৰি দলৰ সদস্য পদ গ্ৰহণ কৰে৷ জাতীয় পৰিষদৰ সভাপতি গগৈয়ে লহকৰক গামোছা পিন্ধাই দললৈ আদৰে৷ দলত যোগদান কৰি ডঃ লহকৰে কয় যে অসম জাতীয় পৰিষদে অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ হকে ৰাজনৈতিক সংগ্ৰাম চলোৱা কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ জাতীয় পৰিষদত যোগদান কৰাৰ সিদ্ধান্ত লয়৷