”জলসম্পদ বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে যদি বানপানীৰ সন্মুখীন হ’বলগীয়া হয় তেন্তে সোধাই নেৰো।”- দেবাশীষ শৰ্মা।

0 79

জলসম্পদ বিভাগৰ অভিযন্তা বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবে যদি বানপানীৰ সন্মুখীন হ’বলগীয়া হয় তেন্তে সোধাই নেৰো। এই মন্তব্য মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাৰ।


আজি উপায়ুক্ত দেৱাশীষ শৰ্মাই মৈৰাবাৰী মৌৱামাৰীত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধী জিউ বেগৰ কাম পৰিদৰ্শন কৰি কয় যে সাংবাদিকৰ আগত উপায়ুক্ত দেবাশীষ শৰ্মাই কয় বান আৰু গৰাখহনীয়া কবলৰ পৰা মৰিগাঁও জিলাবাসীক ৰক্ষা কৰাৰ বাবে চৰকাৰে জিউবেগৰ আচনিটো ধাৰ্য ধৰিছে। আৰম্ভ হোৱা এই জিউবেগৰ কামটো আশা কৰা ধৰনে আগবঢ়া নাই। অতি লেহেমীয়া গতিত চলি আছে কামটো । বাৰিষাৰ বতৰ পাবলৈ আৰু বেছি দিন নাই। গতিকে মথাউৰিৰ এই জিউ বেগৰ কামটো অতি সোনকালেই সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ জনক কঠোৰ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে। সময় মতে কাম সম্পূৰ্ণ নহলে উপায়ুক্ত গৰাকীয়ে গোচৰ ৰুজু কৰিব বুলিও মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে নগাঁও জিলা এলেকাৰ কামখিনি লেহেম গতিত চলি থকাৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে।।।

Leave A Reply

Your email address will not be published.