চিকৰাজান কেন্দ্ৰ বৰ্তমান হৈ পৰিছে বাসস্থান।
গণ বাৰ্তা, ফিল’বাৰী,১২ ফেব্ৰুৱাৰীঃ-যি সময়ত ৰাজ্য চৰকাৰে মেচিনত বনোৱা গামোচা বন্ধ কৰি শিপিনীয়ে তাত শালত সপোন ৰচা হস্ত তাঁত আৰু বস্ত্রত গুৰুত্ব দিয়া হব বুলি ঘোষণা কৰা সময়তেই ফিল’বাৰীত দেখিব পোৱা গৈছে এক ওলোটা ছবি।
অসম চৰকাৰৰ হস্ত তাঁত আৰু বস্ত্র বিভাগে শিপিনীৰ উন্নয়নৰ বিজ্ঞাপন আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যৰ ছবি পোহৰলৈ আহিছে বৃহৎৰ ফিল’বাৰী অঞ্চলত।তিনিচুকীয়া জিলাৰ ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰী সোণাপুৰ দেউৰী গাঁৱত দুটা দশক পূৰ্বে আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিকৰাজানত বিগত ২০১৩ চনত কেইবা লক্ষাধিক টকা ব্যয়ৰে তিনিচুকীয়া জিলা হস্ততাঁত আৰু বস্ত্রশিল্প অধীক্ষক কাৰ্য্যালয়ৰ অধীনত নিৰ্মান কৰা হৈছিল দুটাকৈ হস্ত তাঁত প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰৰ।সোনাপুৰ দেউৰী গাঁৱত প্ৰায় ৮০০ বৰ্গফুট মজিয়া এলেকাৰ পকী গৃহসহ সাত খনতকৈয়ো অধিক তাঁতশাল , বিভিন্ন আচবাব আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে স্বয়ং সম্পূৰ্ণ এই কেন্দ্ৰ দুটা মুকলি কৰাৰ সময়ত হস্ততাঁত বিভাগৰ কৰ্তৃপক্ষই কেন্দ্ৰকেইটাত প্ৰশিক্ষক আৰু অন্য কৰ্মচাৰী নিয়োগৰ ব্যৱস্থাৰ কথা ব্যক্ত কৰিছিল যদিও বৰ্তমানলৈকে কোনো লোককে নিযুক্তি প্ৰদান কৰা নহল। আনহাতে গাঁৱৰ তথা স্থানীয় শিপিনী সকলে কেন্দ্ৰ দুটা মুকলি হোৱা দিনৰে পৰা নিজস্ব উদ্যোগত প্ৰশিক্ষণ আৰু উৎপাদন চলাই আছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো সঁহাৰি লাভ নকৰাত লাহে লাহে সেই উৎসাহ স্তিমিত হৈ এসময়ত বন্ধ হৈ পৰে , যাৰ ফলত, এই কেন্দ্ৰটোৰ চৌপাশ এৰাবাৰীত পৰিণত হয়। চলিত বৰ্ষৰ প্ৰথম ভাগত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এই কেন্দ্ৰদুটাৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল যদিও, কৰ্তৃপক্ষৰ চূড়ান্ত অবহেলাৰ ফলত সোণাপুৰ দেউৰী গাঁৱৰ প্ৰশিক্ষন আৰু উৎপাদন কেন্দ্ৰটোৰ সা-সজুঁলি সমূহৰ সৈতে সমগ্ৰ গৃহটোৱেই বৰ্তমান জৰাজীৰ্ণ ৰূপ লৈছে। আনহাতে চিকৰাজান কেন্দ্ৰটো নিৰ্মাণ হোৱা পিছৰেই কেইবাদিন শিপিনীয়ে ব্যৱহাৰ কৰা পিছতেই বেদখল হোৱা বুলি জানিব পৰা গৈছে।চিকৰাজান কেন্দ্ৰটোত শিপিনী সকলৰ সুবিধাৰ বাবে চৰকাৰে বিভিন্ন সামগ্ৰি যোগান ধৰিছিল,কিন্তু উক্ত সামগ্ৰি সুবিধা শিপিনীয়ে এদিনো লাভ নকৰাৰ অভিযোগ উঠিছি।চিকৰাজান অঞ্চলৰ শিপিনী সকলে উক্ত গৃহটি পুনৰ শিপিনীৰ সুবিধা বাবে মুকলি কৰি দিবলৈ আহ্বান জনাইছিল,কিন্তু আজিলৈকে চৰকাৰৰ সাহস নহল দখলী হৈ থকা শিপিনী গৃহ ৰাইজৰ বাবে মুকলি কৰি দিবলৈ। সেয়ে, ৰাইজ তথা ফিল’বাৰী অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সমূহে এই কেন্দ্ৰ দুয়োটাৰ সংৰক্ষণ , সংবৰ্ধন আৰু বেদখল মুক্তৰ বাবে হস্ততাঁত আৰু বস্ত্ৰ বিভাগক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।