ঘৰতে বহি উপভোগ কৰিব পাৰিব ২২ মাৰ্চত অ’টিটিৰ পৰ্দাত ”পাঠান” ।
২২ মাৰ্চত অ’টিটিৰ পৰ্দাত মুক্তি পাব ”পাঠান”ছবি । ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অ’টিটিৰ জৰিয়তে মুক্তি পাব যদিও ছবিখন নিৰ্মাতাসকলৰ নিজা ৱেবছাইটতো মুক্তি পাব।
২৫ জানুৱাৰীত মুক্তি পোৱা ‘পাঠান” ছবিখন চোৱা নাই চিনেমাপ্ৰেমী খুব কম। কিন্তু তথাপিও বহুত আছে যিয়ে এতিয়াও ছবিখন চোৱা নাই। আকৌ এবাৰ চিনেমাখন চাবলৈ মন গৈছে বহুতৰ । তেওঁলোকৰ বাবে বিশেষ ভাল খবৰ।

এতিয়া ঘৰতে বহি’পাঠান” চাব পাৰিব। বহুতে অনুমান কৰিব পাৰে কেনেকৈ চাব। হয় ঠিকেই বুজিছে অ’টিটি। ২২ মাৰ্চত অ’টিটিৰ পৰ্দাত মুক্তি পাব ‘পাঠান”। যদিও এতিয়াও নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। কোনটো অ’টিটি প্লেটফৰ্মত ছবিখন মুক্তি পাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ছবিখনৰ ডিলিট কৰা দৃশ্যসমূহো অ’টিটিৰ জৰিয়তে মুক্তি পাব যদিও ছবিখন নিৰ্মাতাসকলৰ নিজা ৱেবছাইটতো মুক্তি পাব। ১৫ মাৰ্চত শ্বাহৰুখ খান, জন আব্ৰাহাম, দীপিকা পাডুকন, আশুতোষ ৰাণা অভিনীত ‘পাথান’ৰ ৫০ দিন সম্পূৰ্ণ হৈছে।
বক্স অফিচত ৫০ দিন সম্পূৰ্ণ কৰাৰ পিছতো ছবিখনে বক্স অফিচত শাসন কৰি আছে। এই ছবিখনৰ বিশ্বব্যাপী বক্স অফিচ সংগ্ৰহই ১ হাজাৰ ৪৩ কোটি অতিক্ৰম কৰিছে।