গোসাঁইগাঁৱত নৃশংস হত্যাকাণ্ড।
গোসাঁইগাঁওত নৃশংস হত্যাকাণ্ড । ফল দোকানীক খুকুৰীৰে হত্যাৰ চেষ্টা । চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।
শ্ৰীৰামপুৰ চাৰিআলিত থকা নিজৰ ফলৰ দোকান বন্ধ কৰি ই-ৰিক্সাৰে ঘৰমুৱা হৈ থকা অৱস্থাত শ্ৰীৰামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হাৰাপুটা নৈৰ ২নং দাওৱাগুৰীস্থিত দলঙৰ ওচৰত তাহেৰ তালুকদাৰ নামৰ এজন ব্যক্তিয়ে আকস্মিকভাৱে আহি বুঢ়ীচাটাম গাঁৱৰ আবুল হোছেইনৰ পুত্ৰ আলী আজগৰ ওৰফে লালবাবুক খুকুৰীৰে হত্যাৰ চেষ্টা চলায়।
ফলত আলী আজগৰে গুৰুত্বৰভাৱে আহত হয়। স্থানীয় ব্যক্তিয়ে তেওঁক দাওৱাগুৰী উপ -স্বাস্থ্য কেন্দ্ৰ লৈ যায় আৰু আৰক্ষী, এম্বুলেন্সক ফোন কৰে। উল্লেখ্য যে সেই সময়ত উপ -স্বাস্থ্য কেন্দ্ৰত কোনো চিকিৎসক নাছিল। প্ৰায় আধা ঘণ্টা পিছত আৰক্ষী আৰু এম্বুলেন্স উপস্থিত হৈ তেওঁক গোসাঁইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।