গোটাবাৰী গাওঁ পঞ্চায়তত চৰকাৰী বিভিন্ন আঁচনিৰ পৰা বঞ্চিত প্ৰকৃত হিতাধীকাৰী ।

0 161

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত গোটাবাৰী গাওঁ পঞ্চায়তত দুজনী বিধৱা মহিলাৰ কৰুণ আৰ্তনাত ।এনেকুৱা শ শ প্ৰকৃত হিতাধিকাৰী আছে যিবিলাকে চৰকাৰী বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে। এই বিধৱা মহিলা দুজনীৰ স্বামী মৃত্যু হোৱাৰ ৪০ বছৰ পিছতো পোৱা নাই কোনো ধৰণৰ চৰকাৰী আবাস গৃহ; শৌচালয়; অৰুণোদয় আঁচনি ; বৃদ্ধ ভাতা আদি।

অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই যিমানেই চেষ্টা নকৰক কিয় যে অসমৰ পৰা দূৰ্নীতি একেবাৰে নিৰ্মল হ’ব এইটো কোনো কাৰণত সম্ভৱ নহয়। এই পঞ্চায়ত খনৰ বাসিন্দা এই বিধৱা মহিলা দুজনীয়ে অভিযোগ কৰিছে যে পঞ্চায়ত খনৰ প্ৰতিনিধি সকলে অকল শান্তনা দি আছে কিন্তু বাস্তৱত কোনো ধৰণৰ চৰকাৰী সা সুবিধা প্ৰকৃত হিতাধিকাৰীক নিদি ভেকো ভাওনা কৰি আছে। বেছি ভাগ প্ৰকৃত হিতাধিকাৰী যে চৰকাৰী সা সুবিধা নাপায় সেয়া মহিলা দুজনীৰ ভাস্যত স্পষ্ট হৈছে।

ইপিনে এই পঞ্চায়তখনত দেখা গৈছে যে বহুতো ধনী শ্ৰেণীৰ মানুহে আছে যিবিলাকে পাইছে অৰুণোদয় আঁচনি; চৰকাৰী আবাস গৃহ; শৌচালয়; বৃদ্ধ ভাতা আদি। কিন্তু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ এনেকুৱা আঁচনিৰ পৰা বঞ্চিত হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তদন্তৰ বাবে ৰাইজে দাবী জনাইছে।

Leave A Reply

Your email address will not be published.