কৰৰ সন্ত্ৰাস চলাইছে বিজেপি চৰকাৰেঃ অত্যাধিক বিদ্যুত মাছুল, পৰিবহন বিভাগৰ জৰিমনা আদিত ভাৰাক্ৰান্ত জনসাধাৰণ
গুৱাহাটীঃ আজি অসম বিধান সভা চৌহদত সাংবাদিক সকলক সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অত্যাধিক কৰৰ বোজাৰে সৰ্বসাধাৰণক সন্ত্রাসিত কৰি তোলা বুলি হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। বিধায়ক গৰাকীয়ে কয় যে কৰৰ বোজা আৰু জৰিমনাৰে কাম কৰি খোৱা মানুহৰ ওপৰত অত্যাধিক বোজা জাপি দি চৰকাৰখনে জনসাধাৰণক সৰ্বস্ৰান্ত কৰি পেলাইছে। তেওঁ ব্যক্তিগত অভিজ্ঞতাৰ উদাহৰণ দি কয় যে জনজীৱনৰ সৈতে জড়িত প্ৰতিটো ক্ষেত্ৰতে কৰ আৰু জৰিমনা অত্যাধিক বৃদ্ধি পাইছে। উদাহৰণ স্বৰূপে তেখেতে পৌৰসভাৰ অন্তৰ্গত এলেকা সমূহৰ সম্পত্তি কৰ বৃদ্ধিৰ চৰকাৰী পৰিকল্পনাৰ কথা উল্লেখ কৰে। শিৱসাগৰ নগৰৰ উদ্ধৃতিৰে বিধায়ক গৰাকীয়ে কয় যে যোৱা বছৰলৈকে শিৱসাগৰ নগৰৰ পৌৰসভাই সম্পত্তি কৰ সংগ্ৰহ কৰিছিল বছৰি সৰ্বমুঠ ৪ কোটি টকা, তাৰ বিপৰীতে এই বছৰ সেই কৰ বছৰি সৰ্বমুঠ ১৩ কোটি টকালৈ বৃদ্ধি পাইছে। তেওঁ আৰু কয় যোৱাবছৰলৈকে যিগৰাকী ব্যক্তিয়ে মাত্র ১০০০ টকা সম্পত্তি কৰ দি আছিল, এতিয়া সেই কৰ ২৩, ০০০ টকালৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে কেৱল শিৱসাগৰ চহৰতেই সম্পত্তি কৰ ৩২৫ শতাংশ পর্যন্ত বৃদ্ধি হৈছে। অখিল গগৈয়ে নিশ্চিতি দি কয় যে সমগ্ৰ অসমৰ নগৰ সমূহৰ জনসাধাৰণে এনে অত্যাধিক কৰ সংগ্ৰহৰ বিৰুদ্ধে যি প্ৰতিবাদ গঢ়ি তুলিছে, তাৰ প্ৰতি তেওঁৰ পূৰ্ণ সমর্থন আছে। তেখেতে অসমবাসীক এই অন্যায়ভাৱে কৰ বৃদ্ধিৰ প্ৰতিবাদ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় ৷
একেদৰে শক্তি খণ্ডৰ উদ্ধৃতি দি বিধায়ক গৰাকীয়ে কয় যে বৰ্তমান অসমৰ বিদ্যুত মাছুল ভাৰতৰ ভিতৰতে নৱম, কিন্তু নতুনকৈ প্ৰস্তাৱিত বিদ্যুত মাছুল কাৰ্যকৰী হ’লে এই পৰিসংখ্যা ভাৰতৰ ভিতৰতে দ্বিতীয় হৈ পৰিব। বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই অত্যাধিক কৰ আৰু জৰিমনাৰ সন্ত্ৰাস চলাই সৰ্বসাধাৰণক লুটি পুটি খোৱাৰ নীতি বন্ধ কৰিবলৈ সকীয়াই দিয়ে।ৰিবলৈ সকীয়াই দিয়ে ৷