”কৃত্ৰিম বান একেবাৰে কেনেকৈ কমাব পাৰিম” – অশোক সিংহাল ।
নিউজ ডেস্কঃ কৃত্ৰিম বান ৰোধৰ ওপৰত গেৰাণ্টি দিব নোৱাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। কৃত্ৰিম বান ৰোধৰ বাবে একমাত্ৰ ভৰসা এতিয়া ঈশ্বৰহে।
হেলিকপ্টাৰেৰে গুৱাহাটী পৰিভ্ৰমণ কৰিলে মন্ত্ৰী অশোক সিংহালে । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, “হেলিকপ্টাৰেৰে আমি নলা ক’ত, কিমান বন্ধ হৈ আছে চাইছো। আবদ্ধ হৈ থকা নলা-নৰ্দমাবোৰ মুকলি কৰি দিম। কিন্তু কৃত্রিম বান একেবাৰে কমাব কেনেকৈ পাৰিম? তথাপি আমি চেষ্টা কৰি আছো।”
লগতে তেওঁ কয় যে, “আৱৰ্জনাবোৰ যিমান পাৰো নলাৰ পৰা আঁতৰাইছো। কিন্তু এইবোৰ কাম কৰিলেও কৃত্রিম বান যে নহ’ব তাৰ কিবা গেৰাণ্টি আছে নেকি ? বৰষুণৰ দিন নহালৈকে আৰু প্ৰায় এমাহ ধৰি আমি নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ কাম কৰি থাকিম। ঈশ্বৰে এইবাৰ কৃত্ৰিম বানৰ সৃষ্টি নকৰক।”
উল্লেখ্য যে, ইতিমধ্য গুৱহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ বাহিনীৰ ওপৰত থকা মুঠ ২৬ খন দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। লগতে নলা, নৰ্দমাও পৰিষ্কাৰ কৰা হৈছে। কিন্তু তাৰ পাছতো