কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াৰ পৰ্যালোচনা বৈঠক ।
অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই আজি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত ৰাজ্যপাল গৰাকীয়ে কৃষি, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষ, গুৱাহাটী পৌৰ নিগম, শিক্ষা আদি বিভাগসমূহে ৰূপায়ন কৰি থকা আঁচনি, কাৰ্যসূচী আদিৰ বুজ লয় ৷
ৰাজ্যপালগৰাকীয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘ নিধি দাহাল আৰু গুৱাহাটী মহানগৰ উন্নয়ণ কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া কে জে হিলালীৰ পৰা গুৱাহাটী মহানগৰীত কৃত্ৰিম বান নিয়ন্ত্ৰণ, জাবৰ ব্যৱস্থাপনা আদি বিষয় সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপৰ বুজ লয় ৷ পৰ্যালোচনা বৈঠকৰ অন্তত উপস্থিত বিষয়াসকলক উদেশ্যি ৰাজ্যপালগৰাকীয়ে কয়,’আমি যি কৰো যোগাত্মক দিশত কৰিব লাগে ৷ চৰকাৰী কামত বিভিন্ন অসুবিধা থকিবই, তাক প্ৰত্যাহ্বান হিচাপে লৈ আমি আগবাঢ়িব লাগিব ৷ ৰাইজক যিমান পাৰো বেছি সেৱা আগবঢ়াবলৈ আমি চেষ্টা কৰিব লাগিব ৷’ যোৱা ফেব্ৰুৱাৰী মাহত অসমৰ ৰাজ্যপালৰ দায়িত্ব লোৱা গুলাব চান্দ কটাৰিয়াই দহ বছৰ পূৰ্বে অসমলৈ অহাৰ অভিজ্ঞতাৰ আধাৰত কয়,’দহ বছৰৰ আগতকৈ অসম এতিয়া বহুত সলনি হ’ল ৷ ৰাজ্যখন অৰ্থনৈতিকভাৱে বহুত আগবাঢ়িছে৷’ বৈঠকৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক বৃক্ষৰোপন কাৰ্যসূচীতো ভাগ লয় ৷
পৰ্যালোচনা বৈঠকখনত জিলা প্ৰশাসন আৰু ৰাজভৱনৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে ৰাজ্যপালগৰাকীয়ে জিলা পৰ্যায়ত বিভাগসমূহৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লোৱাৰ পৰিকল্পনা কৰিছিল আৰু ইয়াৰ অংশ হিচাপে প্ৰথমে তেখেতে কামৰূপ মহানগৰ জিলাত বিভাগসমূহৰ কামৰ পৰ্যালোচনা কৰে ৷