কামপুৰ মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ মুকলি সভা আৰু বঁটা বিতৰণি অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং -অসমখন সেউজীয়া কৰি ৰাখিবলৈ সকলোলৈ আহ্বান।

0 184

কামপুৰ ১৬ ফেব্ৰুৱাৰীঃ”ধৰ্ম আৰু ৰাজনীতিৰ উৰ্ধত প্ৰকৃতি।মই প্ৰকৃতিৰ হৈ কাম কৰিছোঁ।কুকুৰে ভুকি থাকিলেও হাতীয়ে ঘূৰি নাচায়”- এই মন্তব্য অৰণ্য মানৱ যাদৱ পায়েঙৰ।উল্লেখযোগ্য যে তেৰ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কামপুৰ মহাবিদ্যালয়ৰ ৫৫ তম বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে। আজিৰ মুকলি সভা আৰু বঁটা বিতৰণি অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অৰণ্য মানৱ গৰাকী। কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°অসীম কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অৰণ্য মানৱগৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য কৰি কয় যে প্ৰশাসনিক সেৱা অধ্যয়নৰ বাবে মনোনিৱেশ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে সকলো লোককে এজোপা কৈ গছ ৰুই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে আহ্বান জনায়।ভাষণ প্ৰসংগত পদ্মশ্ৰী গৰাকীয়ে কয় যে বিশ্বই ভাৰতবৰ্ষৰ আদৰ্শ লয় বুলি কোৱাৰ লগতে অসমখনো সেউজীয়া কৰি ৰাখিবলৈ সচেতন ৰাইজক আহ্বান জনায়। অৰণ্য মানৱগৰাকীয়ে এই বুলি মন্তব্য প্ৰকাশ কৰে যে ইংৰাজ ভাৰতলৈ অহাৰ আগতে ভাৰতৰ শিক্ষা নীতি ভালে আছিল কিন্তু ইংৰাজ সকল ভাৰতলৈ অহাৰ পিছত ভাৰতৰ শিক্ষা নীতিটো ভুল হৈ পৰে। অৰণ্য মানৱগৰাকীয়ে বিদেশী গছ ‘চেগুন’ ৰ বাবেই অসমত কেঞ্চাৰ,প্ৰাকৃতিক দুৰ্যোগৰ লগতে হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱা বুলি মন্তব্য কৰি অসমত থলুৱা গছ ৰোপণৰ বাবে আহ্বান জনায়।আজি অৰণ্য মানৱগৰাকীয়ে সভাৰ পূৰ্বে মহাবিদ্যালয় চৌহদত কেইবাটাও গছ পুলি ৰোপণ কৰি প্ৰাকৃতিক পৰিবেশ গঢ়ি তুলিবলৈ ছাত্ৰ ছাত্ৰী সকলক অনুৰোধ জনায়।অৰণ্য মানৱ যাদৱ পায়েঙে তেওঁৰ বিদেশ ভ্ৰমণৰ বহু অভিজ্ঞতা ছাত্ৰ ছাত্ৰী সকলক বৰ্ণনা কৰি ছাত্র ছাত্ৰী সকলৰ জ্ঞান পুষ্টৰ মাজেৰে দেশৰ এগৰাকী সু নাগৰিক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰাৰ আহ্বান জনায়। মহাবিদ্যালয় খনৰ উপাঅধ্যক্ষ  মিনি দেবীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল আৰু ছাত্র ছাত্ৰী সকল উপস্থিত থকা এই সভাত যাদৱ পায়েংক  মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা মানপত্ৰ,গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।এই অনুষ্ঠানতে মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক বঁটাসমূহ বিতৰণ কৰে অৰণ্য মানৱ যাদৱ পায়েং,অধ্যক্ষ ড°অসীম কুমাৰ বৰা,উপাধ্যক্ষ মিনি দেবী আৰু বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক অধ্যাপিকা সকলে।দুপৰীয়া দুই বজাৰ পৰা অনুষ্ঠিত হোৱা সংস্কৃতিক অনুষ্ঠানেৰে মহাবিদ্যালয় সপ্তাহৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.