কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত কংগ্ৰেছ দলক তুলাধুনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ।
কংগ্ৰেছৰ মহাজোঁট সন্দৰ্ভত ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তুলাধুনা দিলে কংগ্ৰেছ দলক । মহাজোঁট টো মহাজোঠ হব । ২০১৯ টো মহাজোঁট কৰিছিলে কংগ্ৰেছে কিন্তু ভাৰতবৰ্ষৰ ৰাইজে কংগ্ৰেছ দলক আকোঁৱালি নললে । কাৰণ দেশ স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছ দলে বছৰ বছৰ ধৰি শাসন চলাই আছিল কিন্তু একো কৰিব নোৱাৰিলে । দেশখন টুকুৰা টুকুৰ কৰি পেলাইছে । তেওঁলোকেই আকৌ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে, হাত ছে হাত জোড়ো যাত্ৰা আৰম্ভ কৰিছে । এই কাটা হাত, চিঙা হাতখনেৰে কেনেকৈ যোৰা লাগিব ! কংগ্ৰেছক বিশ্বাসত নলয় ভাৰতৰ জনগণে । মিছা কথা আৰু কিমান কব কংগ্ৰেছে । কংগ্ৰেছৰ লীদত যিখিনি কয় সকলোৱে মিছাই কয় ।
মিছা আভুৱাৰে আজিকালি দেশ নচলে । আগন্তুক যি নিৰ্বাচন হব সেই নিৰ্বাচনত মহাজোঁটৰ কাম নাই । তেওঁলোকে একো কৰিব নোৱাৰে ।মিছা কথা কব পাৰিব আৰু জনসাধাৰণে মিছা কথাত ভোল নাযায় । এআইইউডিএফৰ লগত লগ লাগে নালাগে কংগ্ৰেছৰ নিজা কথা কিন্তু বিজেপিক কোনেও প্ৰতিহত কৰিব নোৱাৰে । আগন্তুক ২০২৪ চনৰ নিৰ্বাচনতো বিজেপিৰ মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিব । কংগ্ৰেছে প্ৰত্যাহ্বান জনাওক ভৱেশ কলিতাক । তেওঁলোকে ৰঙিয়া সমষ্টিত প্ৰাৰ্থী দিবই সাহস নকৰিলে । প্ৰথম বাৰ কংগ্ৰেছে৩৫ হাজাৰ ভোটত পৰাজয় হৈছে । এইবাৰ চাৰিটা দলে মহাজোঁট কৰি নিৰ্বাচন খেলিছিল কিন্তু ভৱেশ কলিতাই হাজাৰ হাজাৰ ভোটৰ ব্যৱধানত হৰুৱাইছে । যিমান নিৰ্বাচন নহওক কিয় বিজেপি দলক প্ৰতিহত কৰাটো ইমান সহজ নহব বুলি তীব্ৰ কটাক্ষ কৰে বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে ।
ৰঙিয়াৰ পৰা ইনতাজ আলী