এগৰাকী দুৰ্ভগীয়া মাতৃৰ সহায় বিচাৰি কাতৰ আহৱান মুখ্যমন্ত্ৰীলৈ

0 220

ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ সমীপৰ ডিপলোঙা চাহবাগিছাৰ এগৰাকী কিশোৰী বিগত প্ৰায় ডেৰ বছৰ ধৰি আক্ৰান্ত হৈ আছে এক জটিল ৰোগত৷কিশোৰী জনীৰ নাম বৰ্ষা ওৰাং।একমাত্ৰ আৰ্থিক দুৰ্বলতাৰ বাবেই পিতৃহীনা কিশোৰী জনীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে কিশোৰীজনীৰ মাতৃয়ে।এই ক্ষেত্ৰত ৰোগাক্ৰান্ত কিশোৰী গাৰকীৰ মাতৃয়ে ব্যাপক সমস্যাৰ সন্মুখীন হৈ বৰ্তমান ৰাইজৰ কাষ চাপি নিজৰ সন্তানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য ভিক্ষা কৰিছে। লগতেকিশোৰীগৰাকীৰ মাতৃ ও পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক দুৰ্ভগীয়া কনমানি কিশোৰী ছাত্ৰীগৰাকীৰ বাবে চিকিৎসা সাহাৰ্য্য ভিক্ষা বিচাৰি কাতৰ অনুৰোধ জনায় ৷ইয়াৰ বাবে কোনো সদশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব বিছাৰিলে CANARA BANK.A/C No- 4252108002599.IFSC code.CNRB0004252.জৰিয়তে সহায় কৰিবলৈ আহ্বান জনায় কিশোৰীগৰাকীৰ মাতৃয়ে ৷

Leave A Reply

Your email address will not be published.