এইখন অসমত সম্ভৱ সকলো। বয়স কমাবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল ডি ফাৰ্ম ডিগ্ৰীধাৰী ছাত্ৰ ।

0 99

বঙাইগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ ডি ফাৰ্ম ডিগ্ৰীৰ ছাত্ৰ। বয়স কমাবলৈ নতুনকৈ বহিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। বয়স কমাবলৈ ছেবাৰ পৰা নতুনকৈ পঞ্জীয়ন কৰি পৰীক্ষাত বহিল এজন ছাত্ৰই।

কোকিলা উত্তৰ পাৰাৰ ৰকিবুল ইছলাম নামৰ ছাত্ৰ জনে ২০১৩ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈ ডি ফাৰ্ম পাছ কৰি আহি এইবাৰ পুনৰ জালিয়াতিৰে বয়স কমাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। জানিব পৰা লাইফ ষ্টাৰ নামৰ ব্যক্তিগত খন্ডৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক জামাল উদ্দিনে ছাত্ৰজনক যোগান ধৰি ৰূপজ্যোতি হাইস্কুল বাংলাপাৰাৰ পৰা পঞ্জীয়ন কৰি গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হয় ছাত্ৰ জন। সমাজ বিজ্ঞানৰ পৰীক্ষাৰ দিনা বিষয়টোৰ ওপৰত পৰীক্ষা নিৰীক্ষকৰ চকু পৰে আৰু পৰীক্ষাৰ পৰা বহিস্কাৰ কৰে। এতিয়া প্ৰশ্ন হয় কেনেকৈ বয়স কমাই নতুনকৈ পঞ্জীয়ন কৰিব পাৰে? কাৰ হাত আছে এই ভয়ংকৰ জালিয়াতি ? ৰূপ জ্যোতি হাই স্কুলৰ প্ৰধান শিক্ষক নুৰ মহম্মদে কেনেকৈ কৰিব পাৰিলে ছাত্ৰজনৰ পঞ্জীয়ন? ধনৰ বিনিময়ত চলে নেকি এনে কাম? ছেবাৰ বিষয়াসকল আছে নেকি ইয়াৰ লগত জড়িত? বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত?

Leave A Reply

Your email address will not be published.