উত্তৰ গুৱাহাটী দিহিং সত্ৰত অনুষ্ঠিত হোৱা দৌল উৎসৱৰ সামৰণি।
উত্তৰ গুৱাহাটী দিহিং সত্ৰৰ সাদিনীয়া দৌল উৎসৱৰ দেওবাৰে পৰিল সামৰণি । দৌল গোবিন্দৰ দৌল উৎসৱৰ পাঁচ দিনত গুৰু গোলোক নাথৰ ঘৰলৈ সদলবলে গৈ সেৱা সুশ্ৰসা কৰে । দিহিং সত্ৰৰ গুৰু গোলোক নাথৰ ঘৰলৈ গৈ দৌল গোবিন্দই গুৰুক সপ্তম দিনত ৰজাদূৱাৰলৈ নিমন্ত্ৰণ জনায় ।
নিমন্ত্ৰণমৰ্মে গোলোক নাথ প্ৰভুৱে বেনপাৰ্টি ৰাইজ সমন্নিতে সপ্তম দিনত দৌল গোবিন্দৰ আতিথ্য গ্ৰহণ কৰে আৰু দৌল গোবিন্দ – গোলোক নাথক ঢোলে দগৰে ৰাইছে ফাঁকু খেলি বছৰলৈ বিদায় জনায় । সাতাম”পুৰুষীয়া ধৰ্মীয় পৰম্পৰাই আজিও উত্তৰ গুৱাহাটীৰ লোক সকলক একত্ৰিত কৰি ৰাখিছে ।